বিশেষসাক্ষাৎকাৰ

কহিনুৰ থিয়েটাৰৰপৰা ভ্ৰাম্যমানৰ যাত্ৰা আৰম্ভ দিব্যজ্যোতি দাসৰ

চলমান আলী
প্ৰতিবেদক সৰভোগ

“অসমৰ বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা
দিব্যজ্যোতি দাসৰ সৈতে সৰভোগৰ ছহিজুল আলীৰ সাক্ষাৎকাৰ”

ছহিজুল আলী: আপোনাৰ জন্ম ক’ত, কেতিয়া হৈছিল ?
দিব্যজ্যোতি দাস: মোৰ জন্ম ১৯৭৬ চনৰ ৯ জানুৱাৰীত, উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীৰ উলুবাৰীত, বৰ্তমানো উলুবাৰীত বসবাস কৰো।
ছহিজুল আলী:অভিনয় জগতত খোজ পেলোৱাৰ সপোন আছিলনে, হঠাৎ প্ৰৱেশ কৰিলে?
দিব্যজ্যোতি দাস: মোৰ তেনেকুৱা কোনো সপোন নাছিল, কিন্তু মোৰ পৰিয়ালত সৰুৰে পৰা গান, নৃত্য, অভিনয় আদিৰ চৰ্চা হৈছিল, মই এটা সুন্দৰ সাংস্কৃতিক পৰিৱেশ পাইছিলোঁ। মোৰ পৰিয়ালৰ সদস্যসকলৰ পৰা অনুপ্ৰাণিত হৈ, বহু নাটক-চিনেমা চাই ক্ৰমান্বয়ে অভিনয় জগতত সোমাই পৰিলোঁ৷
ছহিজুল আলী: অসমীয়া বোলছবি জগতত কেতিয়া আৰু কেনেকৈ আহিল ?
দিব্যজ্যোতি দাস: মই প্ৰথম চিনেমাখন কৰোঁতে যথেষ্ট সৰু আছিলোঁ, ১৯৮৮ চনত মুনীন বৰুৱাৰ পিতা-পুত্ৰ চিনেমাখনত শিশু অভিনেতা হিচাপে কাম কৰিছিলোঁ, তেনেকৈ সময় পাৰ হ’ল, এতিয়া মই নাটক, ভিচিডি, ছিৰিয়েল, ভ্ৰাম্যমাণ থিয়েটাৰত কাম কৰি আছোঁ, পিতা-পুত্ৰ চিনেমাখন কৰোঁতে মই পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিলোঁ।
ছহিজুল আলী: অসমৰ ভ্ৰাম্যমানৰ লগত কেনেকৈ জড়িত হৈ পৰিল ?
দিব্যজ্যোতি দাস: মই অভিনয় কৰা তুমি মোৰ মাথোঁ মোৰ, সৰু বোৱাৰী, গুণ গুণ গানে গানে আদিকে ধৰি কেইবাখনো বোলছবিয়ে যেতিয়া জনপ্ৰিয়তা লাভ কৰিছিল, সেই সময়তে এদিন শ্ৰদ্ধাৰ ৰতন লহকৰ ছাৰে কহিনুৰ থিয়েটাৰত মোক বিচাৰি আহিছিল। এনেদৰেই মোৰ কহিনুৰ থিয়েটাৰৰ পৰা ভ্ৰাম্যমানৰ যাত্ৰা আৰম্ভ হ’ল৷
ছহিজুল আলী: বৰ্তমানলৈ আপুনি কিমানখন বোলছবি, ভিচিডি, থিয়েটাৰত কাম কৰিছে ?
দিব্যজ্যোতি দাস: মই বৰ্তমানলৈ প্ৰায় ১২ খন বোলছবি, ১২ ৰ পৰা ১৪ খন টেলিফিল্ম, কেইবাখনো ছিৰিয়েল, ভিচিডিত অভিনয় কৰিছোঁ। এতিয়া ছয় বছৰ ধৰি ভ্ৰাম্যমান থিয়েটাৰত লগত জড়িত হৈ আছোঁ।
ছহিজুল আলী: আপুনি ক’ৰ পৰা অভিনয়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল ?
দিব্যজ্যোতি দাস: মই মুন্না আহমেদৰ স্কুল অৱ ড্ৰামাৰ পৰা, ১৯৯৬ ত অভিনয়ৰ এক বছৰীয়া পাঠ্যক্ৰম উত্তীৰ্ণ হৈছিলোঁ।
ছহিজুল আলী: থিয়েটাৰত অথবা বিভিন্ন বিভাগত কাম কৰা যুৱক-যুৱতীসকলে বছৰটোৰ প্ৰায়ভাগ সময় বাহিৰত থাকিবলগীয়া হয়, সেই ক্ষেত্ৰত আপোনাৰ অনুভৱ?

দিব্যজ্যোতি দাস: ঘৰৰ কথা খুৱেই মনত পৰে, কিন্তু নিজৰ কাম কৰিবই লাগিব। যিহেতু এইটোয়েই আমাৰ কাম। আমি মানসিকভাৱে শক্তিশালী হৈ বছৰটোলৈ ওলাই আহোঁ, বছৰটো শেষ কৰি ঘৰলৈ উভতি যাম বুলি। কেতিয়াবা নিজৰ ঘৰৰ আশে-পাশে দৰ্শনী থাকিলে, ঘৰলৈ যাবলৈ সৌভাগ্য হয়, কিন্তু প্ৰায় বেছিভাগ সময় বাহিৰতে অতিবাহিত হয়। প্ৰত্যেকখন থিয়েটাৰৰ অভিনেতাৰ পৰা আৰম্ভ কৰি, কলা-কৌশলী এইদৰে সাজু হ’বলগীয়া হয়।
ছহিজুল আলী: নৱ-প্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীসকলক কিবা ক’ব নেকি ?
দিব্যজ্যোতি দাস: আমাৰ নৱ-প্ৰজন্মক ক’বলৈ বিচাৰোঁ যে, নিজৰ কাম নিষ্ঠা-সততাৰে কৰিব লাগে, যিকোনো চৰিত্ৰত অভিনয় কৰাৰ আগতে অধ্যয়ন কৰিব লাগে। অন্য কথা বাদ দি নিজৰ প্ৰদৰ্শনক গুৰুত্ব দিব লাগে। নিজে অভিনয় কৰা প্ৰতিটো চৰিত্ৰত নিজে আনন্দ বা ফূৰ্তি কৰিব পাৰিব লাগিব, তেতিয়াহে দৰ্শকে আনন্দ লাভ কৰিব পাৰিব।

 

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close