বিশেষশীৰ্ষস্বাস্থ্য

কলাজামুৰ উপকাৰিতা

জিন্তি বৈশ্য

আচৰিত তত্ত্ববোৰৰ দ্বাৰা ভৰপূৰ কলাজামু। সোৱাদত টেঙা-মিঠা এই ফলত প’টেচিয়াম, কেলচিয়াম, মেগনেচিয়াম,ক’পাৰ,চালফাৰ,আইৰণ, ক্লৰিন,ভিটামিন বোৰৰ ভিতৰত ভিটামিন-এ,ভিটামিন-চি,ভিটামিন-বি কমপ্লেক্স,পানী,কাৰ্বোহাইড্ৰেট, প্ৰটিন আৰু ফেট সামান্য পৰিমাণে পোৱা যায়। ইয়াৰোপৰি জামুত এন্টিঅক্সিডন্ট,ফ্লেভনইড,গ্লাইক’চাইড, কোৱেৰচেটিন, মাইৰিচিটিন ইত্যাদি পোৱা যায়৷ জামু গছৰ প্ৰতিটো অংশই পাত,ছাল,শিপা,ফল-ফুল ঔষধীয় আৰু এইবোৰৰ ব্যৱহাৰ বহু যুগ ধৰি মানৱ জীৱনত ব্যৱহৃত হৈ আহিছে। জামুৰ বৈজ্ঞানিক বা ব’টানিকেল নাম হ’ল চিজিযিয়াম কিউমিনি।

ঔষধি ৰূপে জামুৰ_ব্যৱহাৰ….
১) ফল আৰু গুটি দুয়োবিধ Diabetes ৰোগীৰ বাবে উপকাৰী। ই তেজ আৰু প্ৰসাবত চুগাৰৰ লেভেল হ্ৰাস কৰে। এইক্ষেত্ৰত ফলতকৈ কিন্তু গুটি বেচি ফলপ্ৰসু।
২)জামু গছৰ পাত শুকুৱাই ছাই কৰি দাঁত ঘঁহিলে দাঁতৰ আলু মজবুত হয়।
৩) জামু খালে ৰক্ত পৰিস্কাৰ হয়।
৪) কোষ্ঠকাঠিন্যতা দূৰ কৰিবলৈ জামু খাওক।
৫) জামু খালে মুখৰ ঘাঁ ভাল হয়।
৬) পেটৰ বিভিন্ন অসুখ যেনে ধৰক পেট ফুলা,বদহজমি,পেটৰ বিষত জামু খালে ভাল ফল পোৱা যায়।
৭) প্ৰস্ৰাৱৰ সমস্যাত: যদি প্ৰস্ৰাৱ কমকৈ হৈছে তেনে জামু খাওক।
৮)জামুৰ ৰস প্লীহাৰ ৰোগত (Splenomegaly) আৰু জণ্ডিচৰ চিকিৎসাত প্ৰয়োগ কৰা হয়
৯) জামু খালে মুখমণ্ডলৰ উজ্বলতা বৃদ্ধি পায়।
১০) জামুত ইলাগিক এচিড থকাৰ বাবে উচ্চ ৰক্তচাপো হ্ৰাস কৰে আৰু নিয়ন্ত্ৰণত ৰাখে।
শেষত বাৰিষাৰ এনে বতৰত খুবেই সহজ লভ্য এই ফলবিধ খাওক আৰু আপোনাৰ সুস্বাস্থ্য অটুট ৰাখক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close