
পঙ্কজ নাথ, চাংসাৰি, ভাল খবৰ: বৰ্তমান সময়ৰ আটাইতকৈ জলন্ত সমস্যা হিচাপে দেখা দিয়া নাৰীজনিত কিছু সমস্যাক লৈ চিন্তিত হৈ পৰিছে বিদ্যমহল। “সম্প্ৰতি ৰাজ্যত ইটোৰ পাছত সিটোকৈ নাৰী নিৰ্যাতন, বলাৎকাৰ, ধৰ্ষণ আদি কাণ্ডই বিদ্যমহলক চিন্তিত কৰি তোলাৰ উপৰিও ইয়াক লৈ ক্ৰমাৎ শংকিত কৰি তুলিছে নাৰী সমাজকো।
প্ৰতিটো পল এতিয়া আত্মৰক্ষাৰ বাবে যুঁজ দিব লগা হৈছে নাৰীয়ে। ইয়াৰ ওপৰত লক্ষ্য ৰাখি কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ তালুকদাৰৰ উপৰিও কমলপুৰ থানাৰ অন্তৰ্গত কেইগৰাকীমান সমাজ সচেতন লোকে এটি বিশেষ পদক্ষেপ গ্ৰহণ কৰিব ওলাইছে । প্ৰতিগৰাকী নাৰীক আত্মৰক্ষা প্ৰদানৰ দায়িত্বৰে কমলপুৰ আৰক্ষী থানাৰ উদ্যোগত কমলপুৰ থানাৰ অন্তৰ্গত কেইবা ঠাইতো মহিলা আত্মৰক্ষা প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ লগতে তেখেতসকলে প্ৰশিক্ষণ শিবিৰতে আইন সম্পৰ্কীয় এক আলোচনাৰো আয়োজন কৰিছে ।
কমলপুৰ সমষ্টিৰ অন্তৰ্গত কেন্দুকোণাত ৮ এপ্ৰিল, বোৰ্কাত ১৫ এপ্ৰিল, সোণেশ্বৰত ২২ এপ্ৰিল আৰু কমলপুৰত ২৯ এপ্ৰিলৰ দিনা এই শিবিৰ ৰাতিপুৱা ৮ বজাৰ পৰা ১১ বজালৈ অনুষ্ঠিত কৰা হ’ব। উক্ত প্ৰশিক্ষণ শিবিৰকেইটাত প্ৰশিক্ষক আৰু সহায়কাৰী হিচাপে উপস্থিত থাকিব ৰীণা দাস, ইন্দ্ৰজিৎ ডেকা, প্ৰণৱ শৰ্মা আৰু মিন্টুল আলী বৰা। সেয়েহে প্ৰতিটো প্ৰশিক্ষণ শিবিৰতে উক্ত অঞ্চলকেইটাৰ বিদ্যালয়কেইখনৰ লগতে প্ৰতিগৰাকী যুৱতী-মহিলাৰ উপস্থিতি আৰু সহায়-সহযোগীতা আন্তৰিকতাৰে কামনা কৰিছে প্ৰশিক্ষণ শিবিৰৰ উদ্যোক্তা মণ্ডলীয়ে।