
এটাৰ পিছত আনটো ভাল খবৰ। চলচ্চিত্ৰৰ পিছত এইবাৰ খেলজগতত ভাল খবৰ। কিয়নো কানাডাৰ নিউ ফাউণ্ডলেণ্ড এণ্ড লাব্ৰাডোৰৰ ছেণ্ট জনছত অনুষ্ঠিত হোৱা পুৰুষ – মহিলাৰ মুকলি শক্তি উত্তোলন আৰু বেঞ্চপ্ৰেছ প্ৰতিযোগীতাত ৪ টাকৈ সোণৰ পদক বিজয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ডাঃ অনিন্দিতা প্ৰিয়দৰ্শনী দাসে।এগৰাকী মহিলা বিশেষজ্ঞ চিকিৎসক যদিও খেলজগততো আছে তেওঁৰ বিশেষ পাৰদৰ্শিতা। তাৰেই প্ৰমাণ এয়া। অসমৰ দুলীয়াজানত ঘৰ এইগৰাকী ৫১ বৰ্ষীয়া চিকিৎসকৰ। বিগত দুবছৰৰ পৰা দাসে চিকিৎসা জগতৰ সমান্তৰালকৈ নিজৰ সুপ্ত প্ৰতিভা শক্তি উত্তোলনৰ চৰ্চা অব্যাহত ৰাখিছিল। তাৰেই প্ৰমাণ দাঙি ধৰিলে কমনৱেলথত স্বৰ্ণ জয়ী জয়েৰে। দাসৰ এই সফলতাত এতিয়া সমগ্ৰ অসমবাসী উৎফুল্লিত হৈ পৰিছে।