অসমবিশেষশীৰ্ষ

কনকলতা মডাৰ্ণ একাডেমীৰ পতাকা উত্তোলন-মুখ্য দ্বাৰ উন্মোচন

মফিদুল হক, বৰপেটা

অলপতে কনকলতা মডাৰ্ণ একাডেমীৰ পতাকা উত্তোলন আৰু মুখ্য দ্বাৰ উন্মোচনেৰে বিদ্যালয় খনৰ শুভাৰম্ভ কৰে উদ্যোক্তাসকলে । সদৰ বৰপেটা চহৰৰ গাঁতে লাগি থকা মেটুৱাকুছি- শান্তিনগৰত স্থাপিত অসমীয়া মাধ্যমৰ ব্যতিক্ৰমী বিদ্যালয় খনত শিক্ষা প্ৰদানৰ অত্যাধুনিক ব্যৱস্থাৰে আৰু পাঠদানেৰে দাতিঁ-কাষৰীয়া অঞ্চলত শিক্ষাৰ বৈপ্লিৱ পৰিবৰ্তন অনাৰ লক্ষ্য আৰু প্ৰয়াসেৰে স্থাপন কৰিছে বুলি সদনত ঘোষনা কৰে উদ্যোক্তাসকলে । কনকলতা মডাৰ্ণ একাডেমী শিক্ষানুষ্ঠান খন শুভাৰম্ভৰ লগত সংগতি ৰাখি একাডেমীৰ পতাকা উত্তোলন কৰে একাডেমীৰ অধ্যক্ষ যজ্ঞেশ্বৰ তালুকদাৰে আৰু বৃক্ষৰোপন কৰে বৰপেটা পৌৰসভাৰ বিছ নং ৱাৰ্ডৰ ৱাৰ্ডকমিছনাৰ নয়ন মনি ওঁজাই । মুকলি সভাৰ বন্তি প্ৰজ্জ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নীলিমাৰানু পাটগিৰিয়ে আৰু একাডেমীৰ দ্বাৰ উন্মোচন কৰে প্ৰমথেচ চৌধুৰীয়ে । কনকলতা একাডেমীৰ অধ্যক্ষ যজ্ঞেশ্বৰ তালুকদাৰে পৌৰহিত্য কৰে মুকলি সভাখনত আৰম্ভণী গীতেৰে সভা শুভাৰম্ভ কৰা হয় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দক্ষিণ বৰপেটা ডেভেলপমেন্ট ছোচাইটিৰ সভাপতি তথা পৰিচালনা সমিতিৰ সভাপতি হৰেকৃঞ্চ দাসে । দ্বাৰ উন্মোচক প্ৰমথেচ চৌধুৰীয়ে শিক্ষাৰ গুণগত মানদণ্ডৰ ওপৰত বিশেষ গ্ৰৰুত্ব আৰোপ কৰি শিক্ষাৰ প্ৰসাৰত বহুতো দিহা-পৰামৰ্শ আগবঢ়ায় আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰশিক্ষণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে । নিৰ্দ্দিষ্ট বক্তা হিচাপে নীলিমাৰানু পাটগিৰিয়ে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ একাগ্ৰতা ¸ সহিষ্ণুতা ¸ নিয়মানুৱৰ্তিতা আৰু অনুশাসনৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে । সভাত মুখ্য অতিথি হিচাপে টুনটুন দাসেও তেওঁৰ ভাষনত শিক্ষক-শিক্ষয়িত্ৰী সকলে ছাত্ৰ-ছাত্ৰী সকলৰ মানসিক ধ্যান-ধাৰনা বুজি লৈ শিক্ষা প্ৰদান কৰিব লাগে বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় । সভাখনৰ অভিভৱক-অভিভাৱকৰ ফালৰ পৰা টংকেশ্বৰ দাস ¸ বিৰাজ দাস আৰু মঞ্জু দাসেও চমু বক্তব্য প্ৰদান কৰে । সফলতাৰে একাডেমী খন শুভাৰম্ভ কৰাৰ বাবে আয়োজিত অনুষ্ঠান আৰু মুকলি সভাত উপস্থিত থকা সকলোলৈ শলাগৰ শৰাই আগবঢ়ায় পৰিচালনা সমিতিৰ সম্পাদকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close