অসমচিন্তাজগতবাণিজ্যশীৰ্ষ

কঠ বনাই জীৱন নিৰ্বাহ কৰা এজাক মানুহৰ কাহিনী

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞাৰ প্ৰতিবেদন, ভাল খবৰ: কৰ্ম হৈছে ধৰ্ম। কৰ্মস্পৃহা আৰু একাগ্ৰতা থাকিলে মানুহৰ জীৱনটো আগুৱাই যোৱাত কোনো কাৰকে হেঙাৰ হ’ব নোৱাৰে। এটা চাকৰিৰ বাবে হাহাকাৰ কৰি থকা যুৱপ্ৰজন্ম প্ৰতি আৰ্দশ হৈ পৰিছে কামপুৰৰ দক্ষিণাঞ্চলৰ লোক সকল।
মানুহৰ সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত থকা কঠ নিৰ্মাণ কৰি জীৱন নিৰ্বাহ কৰিছে এটা অঞ্চলৰ লোকে। আপুনি চাগে সৰুতে পঢ়াশালিলৈ যাওঁতে বাওঁহাতৰ কাষলতিৰ চেপত এখন কঠ লৈ সোঁ হাতত ফলি পুথি লৈ পঢ়াশালিলৈ যোৱাৰ দৃশ্য চাগে পাহৰিব পৰা নাই।পঢ়াশালিত কঠখন পাৰি ফলি পুথি আগত লৈ শিক্ষা গ্ৰহণৰ দৃশ্যলৈ মনত পৰিলে আপুনি চাগে নষ্টালজিক হৈ পৰে। নামঘৰলৈ যাওঁতে ককা আইতাই হাতত কঠ লৈ, হাতেৰে নাতিৰ আঙুলিত ধৰি যোৱা দৃশ্য অসমীয়া সমাজত সুলভ। মানুহৰ সামাজিক ধৰ্মীয় অনুষ্ঠানৰ লগত ওতঃপ্ৰোত সৰ্ম্পক থকা আৰু আসন ৰূপে ব্যৱহাৰ কৰা এই কঠখনো কিছুমান মানুহৰ বাবে জীৱিকাৰ সম্বল হ’ব পাৰে।

নগাঁও জিলাৰ কামপুৰৰ দক্ষিণাঞ্চলৰ এটা বৃহৎ এলেকাৰ লোকে  কঠ নিৰ্মাণ কৰি পৰিয়াল পোহপাল দি জীৱন নিৰ্বাহ কৰি আছে। কামপুৰৰ চাংচকী, কাৱৈমাৰী, ঢিং গাঁও, গাৰুখুন্দা, চামগাঁও, দাপৰা আদিৱ গাঁৱৰ লোকসকলে বছৰটোৰ ছটা মাহ কঠ বনোৱা কামত নিয়োজিত হৈ আহিছে। এইলোকসকলে নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে অসমৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰি আহিছে।

এখন বিশেষ শালত নিৰ্মাণ কৰে এই কঠ। কঠ নিৰ্মাণ কাৰ্যত জড়িত পৰিয়ালৰ প্ৰতিজন লোক।বছৰটোৰ ছটা মাহ কঠ নিৰ্মাণ কৰি যেনে তেনে পৰিয়াল পোহপাল দি আছে লোকসকলে।কামপুৰৰ দক্ষিণ অঞ্চলৰ প্ৰায় ২০খনৰো অধিক গাঁৱৰ লোকে কঠ নিৰ্মাণ কাৰ্যত জড়িত। উল্লেখ্য যে, প্ৰতিখন কঠ তেওঁলোকে ১০ ৰ পৰা ৩০ টকা পৰ্যন্ত বিক্ৰী কৰে।

 

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close