বিশেষশীৰ্ষস্বাস্থ্য

ঔষধ অবিহনে ৰক্তচাপ নিয়ন্ত্রণ

বর্তমান সময়ত ৰক্তচাপৰ সমস্যাত সৰহসংখ্যক লােকে জীয়াতু ভুগিবলগীয়া হােৱা দেখা যায়। ৰক্তচাপৰ সমস্যা এবাৰ যদিও শৰীত ধৰা দিয়ে মৃত্যুৰ আগমুহূৰ্তলৈ ই পিছ নেৰে। ৰক্তচাপৰ পৰা পৰিত্ৰাণ পাবলৈ অনিচ্ছা স্বত্তেও ডাক্তৰৰ পৰামৰ্শ মানি চলিবলগীয়া হয়। ৰক্তচাপৰ পৰা বাচি থাকিবলৈ জানাে আহক এই চাৰিটা সহজ উপায়।। ১) শৰীৰ চৰ্চা ও নিয়মিতভাৱে শৰীৰ চৰ্চা কৰিলে ৰক্তচাপ নিয়ন্ত্রণত থাকে। শৰীৰ চৰ্চাৰ বাবে সময় বা সুযােগ নেপালেও নিয়মিতভাৱে খােজ কাঢ়িবলৈ অভ্যাস কৰিব লাগে। ইয়াৰােপৰি যােগব্যায়াম কৰিও ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি। ২) টোপনি : টোপনি কম হ’লেও ৰক্তচাপ বাঢ়ি যােৱাৰ আশংকা থাকে। গতিকে প্রতিদিনে ৬ৰ পৰা ৮ ঘণ্টা শুবলৈ চেষ্টা কৰিব লাগে। পর্যাপ্ত টোপনিয়ে হৰমনৰ লগতে নার্ভাচ চিষ্টেম স্বাভাৱিক কৰি ৰাখে। ৩) নিমখ: নিমখ বা ছডিয়াম খােৱাৰ পৰিমাণ কমাওক। ইয়ে আপােনাৰ শৰীৰৰ ৰক্তচাপ নিয়ন্ত্রণ কৰি ৰাখিব। ৪) ওজন নিয়ন্ত্রণ ও শৰীৰৰ ওজন নিয়ন্ত্রণ থাকিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব। গতিকে উচ্চতাৰ লগত সংগতি ৰাখি শৰীৰৰ ওজন নিয়ন্ত্রণ থাকিবলৈ চেষ্টা কৰক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close