চলচ্চিত্ৰজগতবিনোদনবিশেষশীৰ্ষ

এশ কোটিৰ দিশে ডাবাং-৩

বহু প্রতিক্ষীত ছবিখন মুক্তি পােৱাৰ পাছতে চিনেমা হ’লত দর্শকৰ হেতা-ওপৰা। খ্রীষ্টমাছ তথা নৱবৰ্ষৰ উপহাৰ হিচাপে চল্লু ভাইয়ে ভাৰতবাসীক দিছে ডাবাং-৩। শুকুৰবাৰে মুক্তি পােৱা ছবিখনে অনায়াসে এশ কোটিৰ দিশে গতি কৰিছে। দেওবাৰলৈ ছবিখনৰ সামগ্রিক উপার্জন ৮১.১৫ কোটি। ডাবাং ছবিৰ তৃতীয়খন ছিকুৱেলে মুক্তিৰ দিনাখনেই ২৪.৫০ কোটি উপার্জন কৰিছে। আনহাতে শনিবাৰে ছবিখনে ৩১.৯০ কোটি টকা উপার্জন কৰে। দেওবাৰে ছবিখনে ৪২.৩০ কোটি টকা উপার্জন কৰে। উল্লেখ্য যে কা’ আৰু ‘এনআৰচিৰ বিৰুদ্ধে দেশজুৰি চলা প্রতিবাদৰ প্ৰভাৱ ছলমান খানৰ ছবিখনতাে পৰা পৰিলক্ষিত হৈছে। পূর্বতে মুক্তিৰ দুটা বা তিনিটা দিনতেই ছলমান খানৰ ছবিয়ে এশ কোটি অতিক্রম কৰিছিল। কিন্তু এইবেলি নাগৰিকত্ব সংশােধনী আইনৰ প্ৰভাৱত উপার্জন হ্রাস পায় যদিও তিনিটা দিনতেই এশ কোটিৰ কাষ চাপে ছবিখনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close