বিশেষশীৰ্ষস্বাস্থ্য

এলােভেৰাৰ গুণাগুণ

প্রাকৃতিক গুণসম্পন্ন ভেষজ উদ্ভিদ ছালকুৱৰী বা এলােভেৰা সকলােৰে পৰিচিত। ইয়াৰ উপকাৰিতা তথা গুণাগুণাে যথেষ্ট বেছি। কিয়নো, এই ছালকুৱৰীত আছে কেলচিয়াম, ছ’ডিয়াম, আয়ৰণ, পটেছিয়াম, মেংগানিজ, জিংক, ফকি এচিড়, এমিনাে এচিড, ভিটামিন এ বি,বি, ইত্যাদি। পূর্বৰ পৰাই এলােভেৰাৰ পৰা তৈয়াৰী জেল ৰূপচর্চাৰ পৰা আদি কৰি স্বাস্থ্যৰক্ষাৰ ক্ষেত্ৰতাে প্রতিষেধক হিচাপে ব্যৱহাৰ কৰি আহিছে।

বিভিন্ন ৰােগত এলােভেৰাৰ গুণাগুণ সম্পর্কে তলত আলোচনা কৰা হল—

হৃদ ৰােগ ও আপােনাৰ হৃদযন্ত্রক সুস্থ ৰাখিবলৈ এলোভেৰাৰ ৰসে যথেষ্ট ভূমিকা আগবঢ়ায়। এই ৰসে দেহৰ কলেষ্টেৰলৰ মাত্রা নিয়ন্ত্রণ কৰে। ইয়াৰ উপৰি উচ্চৰক্তচাপ নিয়ন্ত্রণ কৰি তেজত অক্সিজেন বহন ক্ষমতা বৃদ্ধি কৰে। এলােভেৰাৰ নিয়মিত ব্যৱহাৰে শৰীৰৰ দূষিত তেজ প্ৰদূষিত কৰি হদযন্ত্র সুস্থ ৰখাত সহায় কৰে।

দাঁতৰ বিয ঃ এলােভেৰাৰ নিয়মিত ব্যৱহাৰে সঁত তথা শিৰাৰ বিয উপশম কৰে। দাঁতৰ যিকোনাে সমস্যা ছালকুঁৱৰীয়ে ঠিক কৰে। এলােভেৰাৰ নিয়মিত ব্যৱহাৰে দাঁত ক্ষয় প্রতিৰােধ কৰাত সহায় কৰে। মাংসপেশীৰ বিষ ও এলােভেৰাই মাংসপেশীৰ সকলাে বিষ নিৰাময় কৰে। বিষ হৈ থকা ঠাইডােখৰত ছালকুঁৱৰীৰ জেল লগাই থলেও অতি সহজতে বিষৰ পৰা উপশম পােৱা যায়। হজম প্রক্রিয়া ও হজমশক্তি বৃদ্ধিত ছালকুঁৱৰীৰ এক বিশেষ গুণ আছে। এলােভেৰাৰ এন্টি ইনফ্লামেটৰি উপাদানে পাকস্থলী ঠাণ্ডা ৰখাৰ লগতে গেছৰ সমস্যা দূৰ কৰি হজম প্রক্রিয়া নিয়মিত কৰে। ইয়াৰ লগতে ছালকুৱৰীয়ে ডায়েৰীয়া ৰােধতাে অধিক মাত্রাত কাম কৰে।। মধুমেহ ও এলােভেৰাৰ ৰস নিয়মিতভাৱে পান কৰিলে দেহত মধুমেহৰ পৰিমাণ ঠিক ৰখাৰ লগতে দেহৰ ৰক্ত সঞ্চালন প্রক্রিয়া ঠিকে থাকে। খাদ্য খােৱাৰ আগত বা পাছত নিয়মিত এলােভেৰাৰ ৰস খালে মধুমেহ নিয়ন্ত্রণত থাকে।

ছালৰ যত্ন ঃ ছালৰ যত্ন এলােভেৰাই এক বিশেষ ভূমিকা পালনকৰে। ছালকুৱৰীৰ এন্টি ইনফুমোটৰী উপাদানে ছালৰ যিকোনাে সমস্যাব্রণ, শালমইনা আদি ৰােগ নিৰাময় কৰে।

চুলিৰ যতনঃ মূৰৰ যিকোনাে সমস্যাত এলােভেৰা ব্যৱহাৰ কৰিব পাৰি। উফি, চুলিৰ সমস্যা, চুলিফটা, চুলিসৰা আদি সকলাে সমস্যাই দূৰ কৰে। কেন্সাৰ ৰােগ ও এটি গৱেষণাত প্রমাণ হৈছে যে এলােভেৰাত থকা এলাে ইমােডিন’নামৰ পদার্থবিধে স্তন কেন্সাৰ নিৰাময়ত অগ্রণী ভূমিকা গ্রহণকৰে। ইয়াৰ উপৰি অন্যান্য কেন্সাৰ ৰােগতাে ইয়াক ব্যৱহাৰ কৰিব পাৰি। ইতিমধ্যে এলােভেৰাৰ জৰিয়তে স্তন কেন্সাৰ ৰােধ হােৱা বুলি এক সমীক্ষাত প্রমাণ হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close