অসমআন্ত-ৰাষ্ট্ৰীয়শীৰ্ষ

এলভিছ আলী হাজৰিকাৰ সাফল্য

আন্তঃৰাষ্ট্ৰীয় স্তৰত পুনৰ অসম সন্তানৰ সাফল্য। আন্তঃৰাষ্ট্ৰীয় সাতোৰবিদ এলভিছ আলী হাজৰিকাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাটালেনা চেনেল সাঁতুৰি পাৰ হৈ আজুৰি আনিছে এই বিৰল অভিলেখ । তেৱেঁই হল এই মাইল ষ্টন গঢ়া অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী সাতোৰবিদ। এলভিছে ছান্টা কেটেলিনা দ্বীপৰ পৰা যাত্ৰা কৰি ৪০ কি:মি: সাতুৰি মেক্সিকোৰ ৰেন্চ’ পেল’ছ ভাৰ্ডেছত উপস্থিত হয় মাত্ৰ ১০ ঘন্টা ৫৯ মিনিটত।

পশ্চিম বংগৰ প্ৰাক্তন আন্তৰ্জাতিক সাঁতোৰবিদ ৰিমো সাহাৰ সৈতে ৰীলেত সাঁতুৰি এই সাফল্য অৰ্জন কৰে অসম সন্তান গৰাকীয়ে। দেশৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিপদজ্জনক ছাৰ্কৰ বিচৰণ ভূমিৰ মাজেদি এই অভিযান আৰম্ভ কৰিছিল প্ৰাক্তন এথলীট গৰাকীয়ে। উল্লেখযোগ্য যে, বিগত বৰ্ষতো কাৰ্বি আংলঙত দুৰ্বৃত্তৰ হাতত নিহত অভি-নীলৰ সোঁৱৰণতো এই অভিযান অব্যাহত ৰাখিছিল অসম সন্তান গৰাকীয়ে। এই সাফল্যৰ পিছতেই এতিয়া সমগ্ৰ অসমতে আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close