অসমক্ৰীড়াঙ্গণ

এমাৰজিং টেলেণ্ট টি-20 ক্ৰিকেটত লংকাৰ যুৱকৰ খিতাপ অৰ্জন

লংকাৰপৰা মনোজ মজুমদাৰ, ভাল খবৰ::ক্ৰীড়া প্ৰেমী সকলৰ বাবে আন এক সুখবৰ। ২২ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ হায়দৰাবাদত অনুষ্ঠিত হোৱা এমাৰজিং টেলেণ্ট টি-20 টুৰ্ণামেণ্ট -২০১৮ ৰ তিনি দিনীয়া ক্ৰিকেট খেলখনত বাংগালুৰ প্ৰেছিডেণ্ট XI কে ধৰি বিভিন্ন ৰাজ্যৰ কেবাটাও ক্ৰিকেট দলে খেলখনত অংশগ্ৰহণ কৰিছিল।

উক্ত তিনিদিনীয়া টুৰ্ণামেণ্টৰ চূড়ান্ত খেলখলত বাংগালুৰ প্ৰেছিডেণ্ট XI য়ে বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। সুখবৰ এয়েযে, হায়দৰাবাদত অনুষ্ঠিত হোৱা সেই ক্ৰিকেট টুৰ্ণামেণ্টখনত বাংগালুৰ প্ৰেছিডেণ্ট XI দলত যোগদানৰে খেলপথাৰত নামিছিল বাংগালুৰ বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়ণৰত হোজাই জিলাৰ লংকাৰ নখুটি খাগৰিজানৰ শ্বামশ্বেদ আহমেদ বৰভূঞাই।

আৰু সেই এমাৰজিং টেলেণ্ট টি-20 টুৰ্ণামেণ্টত ৯ নম্বৰ স্থানত বেটিং কৰি ১১ বলৰ বিনিময়ত ২১ ৰাণ সংগ্ৰহ কৰি খেলখনত বিজয়ী হোৱাত অৰিহণা যোগোৱাৰ লগতে বেষ্ট ফিল্ডাৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, লংকা নখুটি খাগৰিজানৰ ফইজ উদ্দিন বৰভূঞা আৰু চাজনা খাতুনৰ সন্তান শ্বামছেদ আহমেদ বৰভূঞাৰ ক্ৰীড়া জগতত দেখুৱাবলৈ সক্ষম হোৱা এনে কৃতিত্বত ক্ৰীড়া প্ৰেমী সকলৰ লগতে উৎফুল্লিত হৈ পৰিছে হোজাই জিলাবাসী।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close