বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

এপ্রিলৰ পৰা দেশত NPR উন্নীতকৰণ

কেন্দ্রীয় কেবিনেটে দেশত ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন উন্নীতকৰণত সেউজ সংকেত প্রদান কৰিছে। মঙলবাৰে অনুষ্ঠিত কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত গৃহীত কৰা হয়, আৰু এনপিআৰৰ বাবে প্রথম দৃষ্টিত ৩,৯৪১ কোটি টকা মােকোলাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হয়। এই সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী প্রকাশ জাভেদকাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে সমগ্র প্রকল্পটোত ৮৭৫৪ কোটি টকা খৰচ হ’ব। অহা বৰ্ষৰ এপ্রিল মাহৰ পৰা এনপিআৰ পঞ্জীয়ন আৰম্ভ হ’ব আৰু ছয় মাহৰ ভিতৰত সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। উল্লেখ্য যে অসমত এনআৰচি সম্পূর্ণ হােৱা বাবে এনপিআৰ বলৱৎ নহ’ব। নাগৰিকত্বৰ প্রমাণ আৰু ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন দুটা পৃথক বিষয় বুলি উল্লেখ কৰি এনপিআৰত ভাৰতত বসবাস কৰা লােকৰ তথ্যহে সংগ্ৰহ কৰা হ’ব বুলি উল্লেখ কৰে। মােবাইল এপৰ যােগেদি ভাৰতৰ জনসাধাৰণে নিজৰ তথা পৰিয়ালৰ নাম পঞ্জীয়ন তথা অন্তর্ভুক্ত কৰিব পাৰিব। ইয়াত কোনাে বায়’মেট্রিক চাপ লােৱা নহ’ব। ব্যক্তিৰ নাম, পৰিয়ালৰ মুৰব্ৰীৰ সৈতে সম্পর্ক, পিতৃৰ নাম, মাতৃৰ নাম, পত্নীৰ নাম (বিবাহিতৰ বাবে), লিংগ, জন্ম তাৰিখ, বিবাহিত তথ্য, জন্মৰ স্থান, নাগৰিকত্ব, বৰ্তমানৰ ঠিকনা, স্থায়ী ঠিকনা, জীৱিকা, শিক্ষাগত অহর্তা আদি উল্লেখ কৰি এপযােগে নাম পঞ্জীয়ন কৰিব পাৰিব।নাম পঞ্জীয়নৰ ক্ষেত্ৰত প্রয়ােজন নাই বুলি উল্লেখ কৰে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close