ক্ৰীড়াঙ্গণবিশেষৰাষ্ট্ৰীয়শীৰ্ষ

এটা দশকত ৫৬৪ টা উইকেট

ৰবিচন্দ্রন অশ্বিনক প্রশংসা BCCIৰ সভাপতি সৌৰভ গাংগুলীৰ

এটা দশকত ৫৬৪টা উইকেট লৈ বিশ্বত শীর্ষ উইকেট টেকাৰ হিচাপে পৰিগণিত হৈছে ভাৰতৰ ৰবিচন্দ্রন অশ্বিন। চলিত দশকটোত টেষ্ট ক্রিকেট, এদিনীয়া আৰু টি-২০ এই তিনিওটা ফর্মের্টত ৫৬৪টা উইকেট দখল কৰে ৰবিচন্দ্রন অশ্বিনে। বিশ্বত অশ্বিনে শীর্ষস্থানত থকাৰ বিপৰীতে জেমছ এণ্ডাৰছনে ৫৩৫টা উইকেটেৰে দ্বিতীয় আৰু স্কুৱার্ট বর্ডে ৫২৫টা উইকেটেৰে তৃতীয় স্থানত থাকে। আনহাতে নিউজিলেণ্ডৰ টীম ছাউথি আৰু ট্রেণ্ড ব’ন্ডে ক্রমে ৪৭২ আৰু ৪৫৮টা উইকেটেৰে চতুর্থ আৰু পঞ্চম স্থানত থাকে। ভাৰতীয় বলাৰ গৰাকীৰ এই কৃতিত্বত আপ্লুত হৈ পৰিছে ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী। অশ্বিনৰ এই কৃতিত্বৰ পাছতে টুইটাৰযােগে শুভেচ্ছা প্রদান কৰি সৌৰভ গাংগুলীয়ে অনন্য প্রদর্শন বুলি অভিহিত কৰে। উল্লেখ্য যে অশ্বিনে চলিত দশকটোত ৬৫খন টেষ্টত ৩৪২টা উইকেট দখল কৰিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close