অসমক্ৰীড়াঙ্গণৰাষ্ট্ৰীয়শীৰ্ষ

এছিয়ান গেইমছ্ত সোণৰ পদক লাভ হোজাইৰ ৰাজমিস্ত্ৰীৰ

হোজাইৰপৰা ৰাজীৱ দাস, ভাল খবৰ: হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ নোৱাবিল গাঁৱৰ এজন যুৱক নিশাৰ ভিতৰতে চৰ্চিত হৈ পৰে l দক্ষিণ নোৱাবিল গাঁৱৰ আব্দুছ ছামাদ নামৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে এইবাৰ দিল্লীত অনুষ্ঠিত হোৱা এছিয়ান মাৰ্চেল আৰ্ট আৰু কিক বক্সিং ২০১৮ ত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়৷

নতুন দিল্লীৰ টকটৰা ষ্টেডিয়ামমৰ ১২ আৰু ১৩ নবেম্বৰত এছিয়ান মাৰ্চেল আৰ্ট আৰু এচিয়ান কাৰাটে প্ৰতিযোগীতা অনুষ্ঠিত হৈছিল ৷ এই প্ৰতিযোগীতাত ভাৰতৰ লগতে আন দহ খন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। অতি দৰিদ্ৰ পৰিয়ালৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিন নোৱাবিল গাঁৱৰ যুৱ খেলুৱৈ আব্দুছ ছামাদ লস্কৰে ভাৰতৰ হৈ এছিয়ান কিক বক্সিঙৰ জ্যেষ্ঠ শাখাত অংশ গ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰি সোণৰ পদক দখল কৰে। এই খবৰ লাভ কৰাৰ লগে লগেই দক্ষিন নোৱাবিলৰ লগতে হোজাই জিলা বাসীও উৎফল্লিত হৈ পৰে।

হোজাই চহৰতে হোজাই জিলা আমছুৰ কৰ্মীসকলে খেলুৱৈ গৰাকীক উষ্ম আদৰনি জনায়৷ পাছত নিলবাগান, গনিপুৰ ,আমবাৰী আদি ঠাইটো ছাত্ৰ-ছাত্ৰী, আছু-আমছু, বিভিন্ন দল সংগঠনৰ কৰ্মীৰ লগতে স্থানীয় ৰাইজে খেলুৱৈ গৰাকীক উষ্ম আদৰনি জনায়৷ ৰাজমিস্ত্ৰীৰ কাম কৰি নিজৰ দৰিদ্ৰ পৰিয়ালক পোহপাল দিয়া আব্দুছ ছামাদ লস্কৰে সংবাদ মাধ্যমৰ আগত নিজৰ মত প্ৰকাশ কৰি কয় যে তেওঁ কৃতিত্বৰ আঁৰত তেওঁ প্ৰশিক্ষক আৰু পিতৃ মাতৃ বুলি কয়। আৰু চৰকাৰ তথা ক্ৰীড়া বিভাগৰ সহায় পালে খেলুৱৈজনে ২০১৯চনত হ’বলগীয়া world martial artsত অংশ গ্ৰহণ কৰিব l

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close