অসমবিশেষশীৰ্ষ

এগৰাকী মহিলাৰ ব্যতিক্ৰমী্ চিন্তা : পেলনীয়া সামগ্ৰীৰে চিত্ৰশিল্পৰ জীৱন্ত ৰূপ

ৰূপজ্যোতি ভূঞা, কামপুৰ

আজব এই পৃথিৱী ।আজব এই পৃথিৱীত বহুতে আজৱ কাম কৰিয়েই ভাল পায় ।নগাওঁ জিলাৰ কামপুৰৰ এগৰাকী মহিলা ।সদায় ব্যতিক্ৰমী কাম কৰি ভাল পোৱা এই মহিলা গৰাকীয়ে ঘৰৰ পেলনীয়া সামগ্ৰীৰ মাজেৰেই চিত্ৰশিল্পৰ জীৱন্ত ৰূপ দিয়াৰ লগতে এখন যুদ্ধ আৰুম্ভ কৰিছে প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষাৰ হকে।

বাদামৰ বাকলি, পেলনীয়া সূতা -কাপোৰ ,ৰঙলাওঁ গুটি ব্যৱহাৰ কৰি কামপুৰৰ ৩নং ৱাৰ্ডৰ মীনা ৰয়ে জীৱন্ত ৰূপ দিব বিচাৰিছে কাৰ্গিল যুদ্ধ;পুলুৱামাৰ হত্যাকাণ্ড আৰু ব্ৰহ্মপুত্ৰৰ নাওঁ দুৰ্ঘটণাক।তেওঁৰ ঘৰত ব্যৱহাৰ কৰি অহা আৰু সেইবোৰ এটা সময়ত অৱহেলিত হৈ পৰা সামগ্ৰীবোৰ গোটাই ৰাখি শিল্প প্ৰতিভাৰে নিৰ্মান কৰিছে কেইবাখনো চিত্ৰকলা ।এগৰাকী গৃহিনী হিচাবে ঘৰৰ সকলো কাম বনত ব্যস্ত থাকিও আজৰি সময়ত এই শিল্প চৰ্চাত ব্যস্ত থকা মহিলা গৰাকীক সকলোৱে প্ৰশংসা কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close