আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

এখন স্মৃতিৰ বজাৰ

‘প্রেম’ শব্দটোৰ মাজতেই যেন সােমাই আছে বহু অন্তর্নিহিত শক্তি। এই প্রেমৰ যেন কেৱল প্রেমিক যুগলৰ মাজতেই সীমাৱদ্ধ তেনে নহয়। এই প্রেমৰ শক্তি ইমানেই অপৰিসীম যে সমগ্র বিশ্বকে একেডাল সূতাৰে বান্ধি ৰাখিছে। শেহতীয়াকৈ এই প্রেমৰ বাবেই এখন বজাৰে বাতৰিৰ শিৰােনাম দখল কৰিবলৈ সক্ষম হৈছে। চৰ্চালৈ অহাৰ কাৰণাে কিন্তু সুকীয়া। এই বজাৰখনত কোনা শাক-পাচলি বা ফল-মূল নাইবা কাপােৰ বিক্ৰী কৰা নহয়। এই বজাৰত বিক্ৰী কৰা হয় কেৱল প্ৰেমৰ স্মৃতি। শুনি হয়তাে সকলােৱে আচৰিত হৈছে। আচৰিত যেন লাগিলেও এয়াই বাস্তৱ সত্য। শেহতীয়া তথ্য অনুসৰি ভিয়েটনামৰ অল্ড ফ্লেমছ মার্কেটত এই ব্যতিক্রমী বজাৰখনৰ সন্ধান পােৱা গৈছে। য’ত প্ৰেমৰ স্মৃতি হিচাপে বহু বিলাসী কাপােৰ, ঘড়ী, পাৰফিউমকে আদি কৰি বহু সামগ্রী উপলব্ধ হৈছে। প্ৰেমৰ সমান্তৰালকৈ সেই প্রিয় মানুহগকাৰীৰ সৈতে থাকে বহু পুৰণি স্মৃতি। আৰু সেই পুৰণি স্মৃতিৰ মাজত থাকে বহু উপহাৰ। প্রেম থকালৈকে সেইসমূহ স্মৃতিও সজীৱ হৈ থাকে কিন্তু প্রেম বিচ্ছেদৰ পিছত সেই উপহাৰসমূহ হৈ পৰে অশান্তিস্বৰূপ। আৰু সেই অশান্তি দূৰ কৰিবলৈ এই বজাৰখন ভাল উপায় হিচাপে বিবেচিত হৈছে। এই বজাৰখনত প্রেমিক-প্রেমিকাই নিজৰ প্ৰেমৰ স্মৃতিসমূহ বিক্ৰী কৰিব পাৰে। ক্রেতা-বিক্রেতাৰ ৰূপত থাকে বহু প্রাক্তন প্রেমিক-প্রেমিকা। যিয়ে নিজৰ প্ৰেমৰ স্মৃতিসমূহ বজাৰত বিক্ৰী কৰে। ডিং থং নামৰ ব্যক্তিগৰাকী হ’ল এই ব্যতিক্রমী বজাৰখনৰ উদ্যোক্তা। তেওঁৰ মতে প্রেম আৰু উপহাৰ একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। কিন্তু প্রেম বিচ্ছেদৰ পিছতেই এই উপহাৰ হৈ পৰে চকুৰ কঁইট। যিসমূহ উপহাৰ পেলাও বুলিও পেলাব নােৱাৰে একাংশই। আৰু নেপেলালেও হৈ পৰে অশান্তিৰ কাৰণ। কিছু সামগ্রী পেলালেও পৰিৱেশ বিনষ্ট হয় নাইবা এইসমূহ সামগ্ৰীৰাে আছে বহু ব্যৱহাৰিক মূল্য। ডিং থং নিজেও এগৰাকী প্রেমৰ ভুক্তভােগী। সেয়ে হয়তাে প্রেমিক-প্রেমিকাৰ এই কষ্টটো তেওঁ বাৰুকৈয়ে উপলব্ধি কৰিব পাৰে। সেই দিশৰ প্রতি লক্ষ্য ৰাখিয়েই তেওঁ এই বজাৰখন মুকলি কৰিছে। কিন্তু সমাজৰ একাংশই তেওঁৰ এই প্রচেষ্টাক উপলুঙা কৰিছে। একাংশৰ মতে, এয়া এক বলিয়ালিহে। তথাপিও যেন তেওঁ থমকি ৰােৱা নাই। একান্তমনে নিজৰ কাম কৰি গৈছে। তেওঁৰ মতে যি স্মৃতিয়ে মানুহৰ মনত কষ্ট দিয়ে, তেনে স্মৃতি লগতে ৰাখি থােৱাটো পাপ। সেয়ে সেই স্মৃতিৰ এক উচিত প্রত্যুত্তৰ দিয়া উচিত। আৰু এই বজাৰখনেই যেন ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। একাংশই সমালােচনা কৰিলেও খুবেই জনপ্রিয় হৈ উঠিছে এই বজাৰখন। ভিয়েটনামৰ এই বজাৰখনে স্থানীয় এলেকাৰ লগতে বর্তমান সমগ্র বিশ্ববাসীৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close