আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

এখন সােণৰ হােটেল

আপুনি হয়তাে জীৱনত বহু হােটেলেই দেখিছে। কেতিয়াবা যদি বিশ্বৰ সর্বোচ্চ হােটেল, কেতিয়াবা আকৌ সমুদ্রপৃষ্ঠৰ হােটেল। মুঠৰ ওপৰত ন ন ব্যতিক্রমী হােটেল নির্মাণ কৰি সকলােৰে দৃষ্টি আকর্ষণ কৰিছে একাংশই। ইয়াৰ সমান্তৰালকৈ বৈজ্ঞানিকসকলেও অত্যাধুনিক প্রযুক্তিবিদ্যাৰে মহাকাশতাে হােটেল নির্মাণ কৰি সকলােৰে দৃষ্টি আকর্ষণ কৰিছে। শেহতীয়াকৈ আন এখন ব্যতিক্রমী হােটেলৰ সন্ধান পােৱা গৈছে। যিখন হােটেল আপুনি বা আমি দেখা হােটেলতকৈ সম্পূর্ণ পৃথক। কিয়নাে এই হােটেলখন সম্পূর্ণ সােণৰ। অবিশ্বাস্য যেন লাগিলেও এয়াই বাস্তৱ সত্য। এই ব্যতিক্রমী হােটেলখন আছে ডুবাই চহৰত। হােটেলখনৰ নাম ‘এমিৰেটছ পেলেচ। এই হােটেলখন ২০০৫ চনত মুকলি কৰা হৈছিল। মুকলিৰ পিছৰে পৰা বৰ্তমানলৈকে হােটেলখনে অভিলেখ ৰচিবলৈ সক্ষম হৈছে। এই হােটেলখনৰ মূল আকর্ষণৰ কেন্দ্রবিনদু হৈছে ইয়াৰ চিলিংসমূহ। হােটেলখনৰ প্রায় ২২০০ বর্গমিটাৰ অংশত সােণ আৰু ৰূপ ব্যৱহাৰ কৰা হৈছে। ইয়াত ২২ কেৰেটৰ সােণ ব্যৱহাৰ কৰিছে। আৰু এই সােণেৰে নির্মাণ কৰা হােটেলখন চাবলৈ প্রতিদিনে দেশ-বিদেশৰ লােকে ভিৰ কৰা দেখিবলৈ পােৱা গৈছে। এই হােটেলখনৰ চিলিঙত যিখিনি সােণৰ ডিজাইন কৰা হৈছে সেইখিনি স্থায়িত্ব নহয়। কেৱল চাৰি-পাঁচ বছৰৰ বাবেহে এই ডিজাইন কৰা হয়। তাৰ পিছত পুনৰ সলনি কৰি আকৌ নতুন ডিজাইন কৰা হয়। এক বর্গমিটাৰ চিলিঙত ব্যৱহাৰ কৰা হৈছে ৫০টি সােণৰ মালা। এই সমূহৰ এটি স্বর্ণপত্ৰৰ মূল্য প্রায় ৭২০০ টকা। প্রতিদিনে ৪৬ বর্গমিটাৰ সােণৰ ডিজাইনসমূহ সলনি কৰি কুৰিয়াকোচৰ এটি দলে। প্রতিবছৰে গড় হিচাপত প্রায় ৯৪ লাখ টকাৰ সােণৰ ডিজাইন কৰা হয় হােটেলখনৰ চিলিং অংশত। এই সােণৰ ডিজাইন সদৃশ পাতসমূহ সুদূৰ ইটালীৰ পৰা এক বিশেষ পদ্ধতিৰ সহায়ত অনা হয়। ইয়াৰ পিছতেই সৰু সৰুকৈ টুকুৰা কৰি এক বিশেষ আঠাৰ সহায়ত ডিজাইন কৰা হয়। এই ডিজাইনসমূহ খুব সাৱধানে কৰা হয়। ভাস্কৰশিল্পীৰ হাতৰ পৰশত যেন প্রাণ পাই উঠে হােটেলখনৰ প্রতিটো কোঠা। অতিথিসকলেও যেন ইয়াৰ প্ৰতিটো কাৰুকার্য দেখি মুগ্ধ হৈ পৰে। থকা বা খােৱাৰ পৰিৱর্তে লােকসকলে একেথৰে চাই ৰয় ইয়াৰ ডিজাইনসমূহ। কেতিয়াবা যদি ফুলৰ, কেতিয়াবা আকৌ ঐতিহাসিক যুগৰ চিত্রশিল্পই প্রাণ পাই উঠে হােটেলখনৰ চিলিঙত। হােটেলখনৰ পূব দিশৰ পৰা পশ্চিম দিশলৈ প্রায় এক কি.মি. পর্যন্ত সােণৰ ডিজাইন কৰা আছে। এই অংশত প্রায় নিয়মিতভাৱে সােণৰ ডিজাইন কারুকার্য চলিয়েই থাকে। পৃথিৱীৰ আৰু অন্য কোনাে প্রান্তত এনে সােণৰ ডিজাইন কৰা হােটেল আৰু কতাে নাই বুলি স্থপতিবিদসকলে ম্য আগবঢ়ায়। অন্যহাতে ডুবাই বুলি কোৱাৰ লগে লগেই মানুহৰ মনলৈ প্রশ্ন উত্থাপিত হয় এক আভিজাত্যৰ প্রতীক। সেয়ে ডুবাইৰ প্রতিটো দিশতে দেখা যায় ব্যতিক্রমী কিছু ছবি। তাৰেই যেন প্রমাণ এই সােণৰ হােটেলখন। উল্লেখ্য যে, অত্যাধুনিক প্রযুক্তিবিদ্যাৰ ক্ষেত্ৰত যিদৰে চীনে শীর্ষস্থান দখল কৰিছে, ঠিক একেদৰে একে বাটেৰেই বাট বুলি ডুবাই চহৰে বিশ্ববাসীক চমক দিবলৈ সক্ষম হৈছে। ইয়াৰ পূর্বেও চহৰখনত সু-উচ্চ হােটেল এখন নির্মাণ কৰি সমগ্র বিশ্বতে অন্য এক পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close