বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

এখন দুৱাৰবিহীন গাঁও

ঘৰৰ ভিতৰৰ কাগজ-পত্র, টকা-পইচা, আ-অলংকাৰ আদি নিৰাপদে ৰাখিবলৈ মানুহে নকৰেনাে কি? ডাঙৰ ডাঙৰ তলা, আধুনিক লক, ছিকিউৰিটি আদি থকা সত্বেও বিশ্বতে ক্রমান্বয়ে বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা। ইয়াৰ ব্যতিক্রম নহয়। আমাৰ ভাৰতবৰ্ষও। দেশৰ ভিন্ন প্রান্তত অপৰাধজনিত ঘটনা সংঘটিত হােৱাৰ সময়তে ভাৰতৰ মহাৰাষ্ট্রৰ শনি শিংগনাপুৰ নামৰ এখন গাঁৱত অনুৰূপ দৃশ্য দেখিবলৈ পােৱা গৈছে। এই গাঁওখনত থকা ঘৰসমূহত কোনাে ধৰণৰ দৰ্জাৰ ব্যৱস্থা নাই। কেৱল যে দর্জা গাঁওখনৰ ঘৰসমূহতে নাই তেনে নহয়, এই গাঁৱৰ দোকানসমূহতাে নাই কোনাে দৰ্জাৰ ব্যৱস্থা। সকলাে সময়তে এই গাঁৱৰ ঘৰসমূহ আৰু দোকানসমূহ উন্মুক্ত হৈয়ে থাকে।

টকা-পইচা, কাগজ-পত্ৰৰ লগতে নামী-দামী সামগ্রীসমূহে উন্মুক্ত অৱস্থাত থাকে। তথাপিও যেন চুৰি-ডকাইতিৰ ঘটনা সংঘটিত নহয় এইখন গাঁৱত। গাঁওখনত এই ব্যৱস্থা প্রায় ৩০০ বছৰ ধৰি চলি আহিছে। প্রবাদ অনুসৰি বহু বছৰ পূর্বে বানপানীৰ সময়ত নদীৰ পানী গাঁওখনলৈ সােমাই আহিছিল আৰু সেই। পানীতে উটি আহিছিল এটি শনি দেৱতাৰ মূর্তি। আৰু সেই ৰাতিয়ে শনি দেৱতাই গাঁওবাসীক সপােনত দেখা দি মূর্তিটো গাঁওখনত স্থাপন কৰিবলৈ আদেশ দিয়ে। লগতে গাঁওখনক সদায় ৰক্ষা কৰিব বুলি প্রতিশ্রুতি প্রদান কৰে। আৰু তেতিয়াৰ পৰাই গাঁওখনত দৰ্জাৰ ব্যৱস্থা উঠাই দিয়া হয়। আৰু বৰ্তমানলৈকে এই ব্যৱস্থা চলিয়ে আছে। তথাপিও ঘৰৰ ভিতৰত যাতে কোনাে কুকুৰ বা অন্য প্রাণী সােমাব নােৱাৰে তাৰ বাবে দুৱাৰভাগত কাঠৰ এখন দেওনা ৰখা হয়। কিন্তু এই দেওনাখনাে স্থায়ী নহয়। আটাইতকৈ আশ্বর্যকৰ বিষয়টো হ’ল যে এই গাঁওখনতে আছে একমাত্র ইউকো বেংকৰ শাখা। যত নাই কোনাে দর্জা, নাই কোনাে তলাৰ ব্যৱস্থা। এতিয়া যেন সময় সলনি হৈছে। আধুনিকতাই গ্রাস কৰিছে সমগ্র বিশ্বতে। কিন্তু শনি শিংগনাপুৰ নামৰ গাঁওখনত এতিয়াও চলি আছে পূর্বৰ সেই পৰম্পৰা। গাঁওখনৰ প্রায়সংখ্যক লােকেই পূর্বৰ সেই ৰীতি-নীতিৰ সৈতে একমত৷ তেওঁলােকে বিশ্বাস কৰে যে শনি দেৱতাই তেওঁলােকক সকলাে বিপদৰ পৰা ৰক্ষা কৰিব। উল্লেখ্য যে, কাৰণ যিয়ে নহওঁক কিয় আচৰিত যেন লাগিলেও এয়াই বাস্তৱ সত্য। আৰু এই বাস্তৱ সত্যই বর্তমান সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close