Worldআন্ত-ৰাষ্ট্ৰীয়বিশেষশীৰ্ষ

এক ব্যতিক্রমী পেছা

বিশ্বৰ ভিন্ন ব্যক্তিৰ মাজত ভিন্ন পেছা দেখিবলৈ পােৱা যায়। আৰু পেছা হ’ল এগৰাকী ব্যক্তিৰ ব্যক্তিত্ব প্রকাশৰ প্রধান মাধ্যম। সেইমর্মে কোনােৱে আৰক্ষী বিষয়া, কোনােৱে অধিবক্তা, কোনােৱে শিক্ষক বা কোনােৱে চিকিৎসক। মুঠৰ ওপৰত ভিন্ন মানুহৰ ভিন্ন পেছা। কোনােৱে আকৌ নৃত্য-গীত আদিৰ নিচাকো পেছালৈ পৰিৱৰ্তন কৰা দেখিবলৈ পােৱা যায়। কিন্তু আজি আমি আপােনালােকক ক’বলৈ ওলাইছাে এক ব্যতিক্রমী পেছাৰ বিষয়ে। হয়তাে মনলৈ প্রশ্ন উত্থাপন হৈছে এই ব্যতিক্রমী পেছানাে কি? কিন্তু আজি আমি যি ব্যতিক্রমী পেছাৰ কথা ক’বলৈ ওলাইছাে হয়তাে শুনাৰ লগে লগে আপােনালােকে ভাবিবলৈ বাধ্য হ’ব এয়া জানাে পেছা সঁচাকৈয়ে সম্ভৱ। এই অসম্ভৱকো সম্ভৱ কৰি তুলিছে এদল নাৰীয়ে। এই ব্যতিক্রমী পেছাৰ সন্ধান পােৱা গৈছে ঘানা চহৰত। তেওঁলােকে কান্দাটোক নিজৰ পেছা হিচাপে বাছি লৈছে। আচৰিত যেন লাগিলেও এয়াই বাস্তৱ সত্য। কেৱল ইমানেই নহয় তেওঁলােকে কন্দাৰ বাবদ উচিত পাৰিশ্রমিকো গ্রহণ কৰে। শেহতীয়া তথ্য অনুসৰি ঘানা চহৰত মৃতকৰ শৱযাত্রা অনুষ্ঠানত এইসমূহনাৰীক ভাড়া কৰি আনি কান্দাকটা কৰিবলৈ দিয়া হয়। সম্ভৱতঃ ধৰি লওঁক আপুনি যথেষ্ট প্রভাৱশালী তথা অগাধ ধন-সম্পত্তিৰ মালিক। কিন্তু আপােন বুলিবলৈ কোনাে নাই।নাইবা সমাজৰ সৈতে আপােনাৰ এক সু-সম্পর্ক নাই। তেনেস্থলত আপােনাৰ মৃত্যুৰ পিছত আপােনাৰ অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত শােক প্রকাশ কৰিবলৈ কোনাে লােকৰ অভাৱ বুলি ভাবিছে তেন্তে আপুনি এইসমূহ নাৰীৰ ওচৰত শৰণাপন্ন হ’ব পাৰে। এই নাৰীসমূহৰ এটি বিশেষ সংস্থা আছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close