আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

এইচ ডি ১৮৬৩০২

এটাৰ পিছত আনটো সফলতা বিজ্ঞান জগতত। জ্যোর্তিবিদসকলে নিতৌ ন-ন তথ্য পােহৰলৈ আনিছে। শেহতীয়াকৈ মহাকাশত আন এটি নতুন নক্ষত্ৰৰ সন্ধান পােৱা গৈছে। এই নক্ষত্ৰটো দেখিবলৈ সাইলাখ সূৰ্যৰ দৰে। কেৱল যে দেখিবলৈ সূৰ্যৰ দৰেই তেনে নহয়। ইয়াৰ বহুকেইটা দিশৰ সৈতে সামঞ্জস্য আছে এই নক্ষত্ৰটোৰ। বছৰ হিচাপে নহলেও বাহ্যিক মিল থকাৰ বাবেই এই নক্ষত্রটোক সূৰ্যৰ যমজ বুলি উল্লেখ কৰিছে। বৈজ্ঞানিকসকলে। বৈজ্ঞানিকসকলৰ দাবী ৪৬০ বছৰ পূর্বে যিদৰে সূৰ্যৰ সৃষ্টি হৈছিল ঠিক তেনেদৰেই এই নক্ষত্ৰটোৰ উৎপত্তিৰ স্থল তেনেকুৱাই বুলি মত পােষণ কৰিছে। সূৰ্যৰ দৰে দেখিবলৈ এই নতুন নক্ষত্ৰটোৰ নাম ৰখা হৈছে এইচ ডি ১৮৬৩০২। বৈজ্ঞানিকসকলৰ আন এক তথ্যত পােহৰলৈ আহিছে যে সদ্যহতে সন্ধান পােৱা এই নক্ষত্ৰটোৱে ভৱিষ্যতৰ গৱেষণা কার্যত বহু নতুন তথ্যৰ উন্মােচন ঘটাব। ইয়াৰ সমান্তৰালকৈ বহু নজনা প্রশ্নৰাে উদ্রেক ঘটাব বুলি গৱেষকসকলে জানিবলৈ দিয়ে। আন এগৰাকী গৱেষকৰ মতে ৪৬০ বছৰ পূর্বে কি পৰিস্থিতিত সূৰ্যৰ উৎপত্তি হৈছিল সেই বিষয়েও বহু নজনা তথ্যৰ উমান দাঙি ধৰিব এই নক্ষত্ৰটোৱে। ইতিমধ্যে নক্ষত্রটোক লৈ গৱেষকৰ দলটোৱে গৱেষণা অব্যাহত ৰাখিছে। শীঘ্রেই এই সমূহ নতুন তথ্য ৰাজহুৱা কৰিব গৱেষকৰ দলটোৱে। উল্লেখ্য যে, যােৱা কেইবামাহৰ পৰা নিতৌ মহাকাশৰ বহু নতুন তথ্য পােহৰলৈ আহিব ধৰিছে। ফলত নতুন নতুন দিশৰ উন্মােচন হৈছে। এয়া ইতিবাচক নে নেতিবাচক দিশটোক সূচাইছে এয়াই লৈ গৱেষকৰ দলটোৱে দুর্দান্ত ৰূপত গৱেষণা চলাই গৈছে। অচিৰেই বহু নতুন তথ্য পােহৰলৈ আহিব বুলি সকলােৱে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close