অসমবিশেষশীৰ্ষ

উপ-আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ মহানুভৱতা: শাৰীৰিক ভাৱে অক্ষম যুৱকক হুইল চেয়াৰ প্ৰদান

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

“জনহিত জনসেৱাৰ্থে” বাণীৰে অসম আৰক্ষীয়ে ৰাইজক সেৱা আগবঢ়ায় যোৱাৰ লগতে একাংশ আৰক্ষী বিষয়াই নিজাববীয়াকৈ মানৱ সেৱাৰ ধৰ্মও আগবঢ়াই যোৱা পৰিলক্ষিত হৈছে ৷ সাধাৰণতে অসম আৰক্ষীৰ আইন-শৃংখলাজনিত সমস্যা সমাধানৰ ক্ষেত্ৰত আৰক্ষীৰ এক বিশেষ ভূমিকা আছে ৷ কিন্তু একাংশ আৰক্ষীয়ে “জনহিত জনসেৱাৰ্থে” বাণীৰে ৰাইজক সেৱা আগবঢ়াই যোৱাৰ উপৰিও ব্যক্তিগত ভাৱে জনকল্যাণ তথা মানৱ সেৱা আগবঢ়ায় গৈছে ৷ এনে এগৰাকী আৰক্ষী বিষয়া হৈছে গোৱালপাৰা জিলাত কৰ্মৰত উপ-আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা ৷ ডি.এছ.পি ৰূপজ্যোতি কলিতাই কৰ্ত্বব্যত অংশগ্ৰহণ কৰাৰে পৰা জিলাখনৰ বিভিন্ন অঞ্চলত দৰিদ্ৰ পৰিয়ালৰ লোকক নিজৰ দৰমহাৰ টকাৰে সাহাৰ্য প্ৰদান কৰি আহিছে ৷ কালিও উপ-আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ডুবাপাৰা লুপ্তচৰ গাৱৰ ছাহজামাল আলী নামৰ শাৰীৰিক ভাৱে অক্ষম যুৱকক এখন হুইল চেয়াৰ প্ৰদান কৰে ৷ জানিব পৰা মতে, প্ৰায় ৭ বছৰ পূৰ্বে অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক ছাহজামাল আলীয়ে কৰ্ম সংস্থাপন বিচাৰি উত্তৰ প্ৰদেশত গৈছিল ৷ উত্তৰ প্ৰদেশত কৰ্মৰত অৱস্থাতে এদিন ছাহজামালৰ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত এখন হাত আৰু দুখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হয় ছাহজামালে ৷ এই গৰাকী শাৰীৰিক ভাৱে অক্ষম যুৱকজনে এতিয়া ভিক্ষা খুজি দিন অতিবাহিত কৰি আহিছে ৷ বিভিন্ন বে-চৰকাৰী অনুষ্ঠানে যুৱক গৰাকীক কিছু সাহাৰ্য আগবঢ়াইছে যদিও পৰ্যাপ্ত নহয় ৷ গোৱালপাৰা জিলা উপ-আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই যুৱকজনৰ সম্পৰ্কে জ্ঞাত হৈ মানৱীয়তা স্বাৰ্থত আৰু মানৱ সেৱাৰ উদ্দেশ্যে শাৰীৰিক ভাৱে অক্ষম ছাহজামাল আলীৰ ঘৰত উপস্থিত হৈ আৰক্ষী বিষয়া গৰাকীয়ে এখন উন্নত মানদণ্ডৰ হুইল চেয়াৰ প্ৰদান কৰে ৷ সচা অৰ্থত এয়াই হৈছে মানুহে মানুহৰ প্ৰতি থকা মানৱীয়তা, মানৱ সেৱা ৷ আৰু এনেদৰে উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে নিজৰ দায়িত্ব আৰু কৰ্ত্বব্যৰ মাজেৰে প্ৰচাৰ অবিহনে মানৱ সেৱাৰ উদ্দেশ্যে দৰিদ্ৰ পৰিয়ালৰ লোক সকলক সহায়ৰ হাত আগবঢ়ায় গৈছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close