মনৰ খবৰশীৰ্ষ

উন্নয়ন -উন্নয়ন মাথো উন্নয়ন

জিতেন শইকীয়া

পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষই পৃথিৱীৰ অন্যান্য উন্নত দেশসমূহৰ দৰে প্ৰগতিৰ পথত যেনেদৰে আগবাঢ়ি যাব লাগিছিল স্বাধীনতাৰ ৭২ বছৰৰ পাছতো সেয়া সম্ভৱ হৈ উঠা নাই। প্ৰগতিৰ এই স্থবিৰতাৰ অনেক কাৰণ আছে যদিও মূল কাৰণ হিচাপে চৰকাৰী ধনৰ ব্যাপক লুণ্ঠন আৰু অপচয় বুলি ক’লে নিশ্চয় ভূল কোৱা নহ’ব। ভাৰতবৰ্ষৰ জনসাধাৰণে তেওঁলোকৰ মূল্যবান ভোটৰ জৰিয়তে নিৰ্বাচন কৰা জনপ্ৰতিনিধি তথা মন্ত্ৰী -বিধায়ক, সাংসদ আদিৰ  লগতে চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ গৰিষ্ঠ সংখ্যকৰে নিজ নিজ দায়িত্বৰ প্ৰতি অবহেলা, ৰাজহুৱা স্বাৰ্থতকৈ ব্যক্তি স্বাৰ্থক প্ৰাধান্য  আৰু চৰকাৰী ধনৰ পৰা মুনাফা  লুটাৰ মানসিকতাই দেশৰ সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে। ইয়াৰ মাজতে আন এক ভয়ংকৰ সামাজিক ব্যাধিয়ে আমাৰ দেশখনৰ উন্নয়নত প্ৰধান অন্তৰায় হৈ থিয় দিছে, সেয়া হৈছে জাত-পাত, ধৰ্মৰ নামত বিভাজন। দেশৰ ৰাজনৈতিক দলসমূহৰ নেতাসকলে নিজৰ ৰাজনৈতিক মুনাফা লাভৰ প্ৰধান অস্ত্ৰ হিচাপে এই জাত-পাত, ধৰ্মক ব্যৱহাৰ কৰি আহিছে।এই ক্ষেত্ৰত দেশৰ একাংশ বুদ্ধিজীৱী, সংবাদ মাধ্যমেও সাৰ-পানী  যোগাই আহিছে। কিন্তু সুখৰ খবৰ এই যে, ধৰ্ম আৰু জাত-পাতৰ নামত ৰাজনীতি কৰি ভোট  বিচৰাৰ দিন  যেন লাহে লাহে উকলিব ধৰিছে এইখন ভাৰতবৰ্ষত। ২০১৯ চনৰ লোক সভা নিৰ্বাচনে যেন তাৰেই ইংগিত দিলে। এতিয়া ভাৰতৰ যুৱ আৰু মহিলা ভোটাৰ সকলে কেৱল দেশৰ উন্নতি বিচাৰিছে। সেয়েহে সদ্য সমাপ্ত লোক সভা নিৰ্বাচনত জাত-পাত, ধৰ্মৰ নামত ৰাজনীতি কৰা সকলৰ আশাত চেঁচা পানী ঢালি কেৱল উন্নয়নৰ পক্ষত ভোট দি নৰেন্দ্ৰ মোদীক পুনৰবাৰ পূৰ্বতকৈ শক্তিশালী ৰুপত ভাৰতৰ প্ৰধান মন্ত্ৰীৰ আসনত বহুৱালে দেশবাসীয়ে। কাৰণ আজিৰ প্ৰজন্মই এখন দুৰ্নীতিমুক্ত, সঁচা অৰ্থত এখন ধৰ্মনিৰপেক্ষ আৰু প্ৰগতি শীল সমাজ বিচাৰে। তেওঁলোকৰ এই সপোন বাস্তৱ কৰাৰ ক্ষেত্রত যৎকিঞ্চিৎ হ’লেও কাম আৰম্ভ কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেয়েহে বিশ্ব নেতাত পৰিণত হোৱা এই গৰাকী  নে়তাৰ ওপৰত ভৰসা কৰিছে দেশৰ কোটি কোটি জনতাই। কাৰণ আমাক  লাগে মাথো উন্নয়ন, উন্নয়ন আৰু উন্নয়ন।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close