অসমবিশেষশীৰ্ষসাংস্কৃতিক

উদয়নলৈ অভিনেতা অৰুপ বৰা

ধনজিৎ দাস

মাধ্যম যিয়ে নহওক কিয় অভিনেতা অৰুপ বৰাৰ প্ৰতিটো মাধ্যমতে আছে এক নিজস্ব সুকীয়া পৰিচয় । অভিনয় শৈলীৰে নিজক প্ৰতিষ্ঠা কৰিছে এজন পূৰ্ণাংগ অভিনেতাৰ ৰূপত অভিনেতা জনে । বহু সংখ্যক ভিডিঅ ছবি, গীত, ধাৰাবাহিকত নিজৰ অভিনয়ৰ চানেকি দিয়া অভিনেতা অৰুপ বৰাৰ আছে ভ্ৰাম্যমাণ মঞ্চৰো এক দীৰ্ঘদিনীয়া অভিজ্ঞতা ।

২০০৭-০৮ বৰ্ষতে ‘অলকানন্দা থিয়েটাৰ’ৰ জৰিয়তে ভ্ৰাম্যমাণত অভিষেক ঘাটোৱাৰ পিছত বহুকেইটা নাট্যদল কৰে ক্ৰমে ‘ৰাজতিলক থিয়েটাৰ, ‘সুদৰ্শন থিয়েটাৰ, ‘প্ৰাগজ্যোতিষ থিয়েটাৰ, ‘ৰামধেনু থিয়েটাৰ, ‘শৰাইঘাট থিয়েটাৰ, ‘শংকৰদেৱ থিয়েটাৰ’ৰ লগতে বিগত দুটা বৰ্ষ ক্ৰমান্বয়ে ‘কহিনুৰ থিয়েটাৰ’ আদিৰ দৰে আগশাৰীৰ নাট্যদলত অভিনয় কৰে । এইজন সফল তথা সুদৰ্শন অভিনেতা অৰুপ বৰাই আগন্তুক ২০২০-২১ নাট্যবৰ্ষত চুক্তিবদ্ধ হৈছে ‘উদয়ন থিয়েটাৰ’ৰ সৈতে । নিসন্দেহে অহাবৰ্ষটো উদয়নৰ মঞ্চত দুৰ্দান্ত অভিনয়ৰে অভিনেতা অৰুপ বৰাৰ অভিনয় যাত্ৰা সাফল্য হওঁক তাৰে কামনাৰে বহুত বহুত শুভকামনা ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close