অসমবিশেষশীৰ্ষ

উদ্যমী চিত্ৰশিল্পী অনিন্দিতা শইকীয়া

চন্দন শৰ্মা, জামুগুৰিহাট

বিশ্বনাথ জিলাৰ অন্তৰ্গত নৱপুৰ নিবাসী মহেন্দ্ৰ শইকীয়া আৰু ৰূপালী শইকীয়াৰ সু-কন্যা অনিন্দিতা শইকীয়া হৈছে এগৰাকী প্ৰতিভাৱান উদ্যমী চিত্ৰশিল্পী । তেওঁ সুকুমাৰ কলাৰ জৰিয়তে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । অনিন্দিতা শইকীয়া নামৰ চিত্ৰশিল্পীগৰাকীয়ে একক প্ৰচেষ্টাৰে অঞ্চলটোৰ বহু কিশোৰ-কিশোৰী, যুৱক-যুৱতীক সুকুমাৰ কলাৰ জৰিয়তে আগবঢ়াই নিবলৈ সক্ষম হৈছে । চিত্ৰশিল্পী অনিন্দিতাই ৱাটাৰ কালাৰ, অইল পেইন্টিঙৰ লগতে থ্ৰী ডি ড্ৰয়িং আৰু পেঞ্চিল চেদিঙৰ লগতে মানুহৰ মুখমণ্ডলৰ ছৱি অংকণ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । তেওঁ নিজেই প্ৰশিক্ষণ লৈ চিত্ৰশিল্পী জীৱনত আগবাঢ়ি যাবলৈ সক্ষম হৈছে । যুৱতী চিত্ৰশিল্পীগৰাকীৰ এই প্ৰচেষ্টাক অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close