অসমবিনোদনবিশেষশীৰ্ষসাংস্কৃতিক

উদয়নৰ মঞ্চত অভিনেতা চন্দন ডেকা

ধনজিৎ দাস

বৰ্তমান সৰু পৰ্দা আৰু ভ্ৰাম্যমাণৰ মঞ্চত অভিষেক ঘটিছে এজাক দুৰন্ত তৰুন অভিনেতাৰ । ইয়াৰে ভিতৰত এটি অতি চিনাকি আৰু চৰ্চিত নাম হ’ল চন্দন ডেকা । গোৱালপাৰা জিলাৰ আগিয়াৰ এইজন যুৱকে অভিনয় জগতত প্ৰথমে কেমেৰাৰ সন্মুখত অভিনয় কৰিহে পিছলৈ ভ্ৰাম্যমাণৰ মঞ্চত খোঁজ পেলাইছিল। ‘বীৰাংগণা’, ‘পিতা পুত্র’, ‘জীবন ডট কম্’, ‘অনুৰাগ তোমাৰ বাবে’, ‘ঘৰ জোৱাঁই’, ‘বেহাৰবাৰী আউচপোষ্ট’ আদি হ’ল অভিনেতা চন্দন ডেকাই অভিনয় কৰা উল্লেখযোগ্য অসমীয়া ধাৰাবাহিক ।
২০১৪-১৫ বৰ্ষত অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল আৱাহন থিয়েটাৰৰ মঞ্চত অভিষেক ঘটোৱা এইজন অভিনেতাই ইয়াৰ পিছৰ বৰ্ষত প্ৰাৰ্থনা থিয়েটাৰ আৰু শংকৰদেৱ থিয়েটাৰৰ মঞ্চত অভিনয় কৰিছে । চলিত নাট্যবৰ্ষত তেওঁ জড়িত হৈ আছে ‘থিয়েটাৰ ভাগ্যদেৱী’ত । এইবৰ্ষৰ তিনিওখন নাটকতে তিনিটা ভিন্ন চৰিত্ৰ ৰূপায়ন কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে অভিনেকা চন্দন ডেকাই । উল্লেখ্য যে এইবৰ্ষৰ ‘ভাগ্যদেৱী’ৰ নাট ক্ৰমে – ‘বৃন্দাবনৰ বৰষুণ’ত এজন সৎ প্ৰেমিকৰ চৰিত্ৰত, ‘লংকাকাণ্ড’ত কলেজীয়া ল’ৰাৰ চৰিত্ৰত আৰু ‘দেৱতাৰ নিৰ্মালী’ত এজন সৎ পুত্ৰৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে । ২০২০-২১ নাট্যবৰ্ষৰ বাবে এইজন প্ৰতিভাশালী অভিনেতা চুক্তিবদ্ধ হৈছে ‘উদয়ন থিয়েটাৰ’ত । অহা বৰ্ষত উদয়ন থিয়েটাৰে তিনিজন প্ৰতিষ্ঠিত নাট্যকাৰৰ একোখনকৈ নাট মঞ্চস্থ কৰিব, ইয়াৰ ভিতৰত নাট্যকাৰ/পৰিচালক/অভিনেতা চম্পক শৰ্মাৰ ‘সীতাৰ অগ্নিপৰীক্ষা’, অভিজিৎ ভট্টাচার্যদেৱৰ ‘মৰমৰ দালাল’ আৰু ৰাজদ্বীপৰ ‘বুকুৰ মাজত তুমি’ হ’ব ‘উদয়ন থিয়েটাৰ’ৰ নাট । এদল অভিজ্ঞ আৰু প্ৰতিষ্ঠিত নাট্যসৈনিকৰে অহাবৰ্ষত উদয়ন থিয়েটাৰে তেওলোকৰ নাট্যযাত্ৰা আৰম্ভ কৰিব । ভিৰৰ মাজতো স্ব-মহিমাৰে আকৌ উদয়নৰ মঞ্চত উজলি উঠক অভিনেতা চন্দন ডেকা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close