অসমভাল খবৰ

উত্তৰ গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আউনীআটী শাখা সত্ৰ অতিথি ভৱন উদ্বোধনৰ লগতে কলাক্ষেত্ৰ আধাৰশিলা স্থাপন

পঙ্কজ নাথ, চাংসাৰি, ভাল খবৰ: কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীস্থিত আউনীআটী সত্ৰৰ উত্তৰ গুৱাহাটী শাখাৰ অতিথি ভৱনৰ আজি উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ অতিথি ভৱনৰ উদ্বোধনীৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ পাৰত মনোৰম প্ৰাকৃতিক পৰিৱেশত কলাক্ষেত্ৰৰ আধাৰশিলাও স্থাপন কৰে।

আজি উদ্বোধন কৰা অতিথিশালাটো নিৰ্মাণৰ বাবে ২০১২ চনত কংগ্ৰেছ চৰকাৰৰ সেইসময়ৰ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৩০ লাখ টকা প্ৰদান কৰিছিল৷ সেই ধনেৰে অতিথি ভৱনটো আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে ৷ নৈৰ পাৰৰ এই অতিথিশালাটো গুৱাহাটী মহানগৰীৰ ভিতৰতে ব্যতিক্ৰমী অতিথিশালা৷

আজিৰে পৰা দেশী- বিদেশী পৰ্যটকে এই অতিথিশালাত থাকি উত্তৰ গুৱাহাটীৰ বিভিন্ন মঠ-মন্দিৰ আৰু পৌৰাণিক বুৰঞ্জীপ্ৰসিদ্ধ ঐতিহাসিক স্থান সমূহ দৰ্শন কৰিব পাৰিব। ইয়াৰ পাছতে অতিথি ভৱন প্ৰাংগনত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰদেৱ গোস্বামীয়ে৷

সভাত ভাষণ ৰাখি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে সমাজ এখন সুশৃংখলিতভাৱে চলাই নিবলৈ হ’লে আধ্যাত্মিকতাৰ প্ৰয়োজন৷ ৰাইজ সচেতন হোৱাৰ লগতে ভক্তি, ভয় আৰু আধ্যাত্মিক চিন্তাৰে পুষ্ট হ’ব লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীক তেওঁৰ জ্ঞানৰ জ্যোতি সত্ৰ পৰিসৰত সীমাবদ্ধ নাৰাখি আধ্যাত্মিকতা আৰু সত্ৰীয়া সংস্কৃতিৰ পোহৰৰে সমগ্ৰ বিশ্বক পোহৰাই তুলিবলৈ আহ্বান জনায়৷ আজিৰ সভাত অসম চৰকাৰৰ হাঁহ – কুকুৰা পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, হাউচিং বৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত, কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য, কামৰূপ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্ত, অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ নাথ, উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰণৱ দত্ত গোস্বামী , উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ দাস, উত্তৰ গুৱাহাটী পাইকাৰী গ্ৰাহক সমবায় সমিতি সভাপতি ৰাতুল বৰুৱা, উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ শচীন ভুঞা, গনেশ দাসকে আদি কৰি পৰ্যটন বিভাগৰ উচ্চ পদস্থ বিষয়া আৰু বৈষ্ণৱ ভক্তসকলৰ লগতে অসংখ্য ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close