শীৰ্ষস্বাস্থ্য

উখুৱা চাউল আমি কিয় খাব লাগে জানো আহক

চিত্ৰালী ফুকন

আমি যিমানেই আধুনিক হবলৈ লৈছো সিমানেই আমাক বেমাৰ আজাৰে জুৰুলা কৰিছে। উখুৱা চাউলৰ দৰে বহুতো খাদ্যসম্ভাৰ সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰিছে।
এটা সময়ত অসম আমাৰ কৃষিপ্ৰধান দেশ আছিল। এতিয়া বহুত মানুহে খেতি কৰিবলৈ এৰিছে। বজাৰৰ ঔষধ দিয়া বাচমটি চাউলৰ প্ৰতি আগ্ৰহি হৈছো। আমি নিজেই উৎপাদন কৰা বহুতো থলুৱা খাদ্য খাবলৈ এৰি দিছো। তাৰ ফলত আমি অসুখীয়া হৈছো। আগৰ দিনৰ মানুহে সকলোবোৰ ঘৰতে তৈয়াৰ কৰি খোৱাৰ বাবে বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰি নিজকে নিৰোগী কৰি ৰাখিছিল। এতিয়া মূল কথালৈ আহো…।

উখুৱা চাউল বনোৱা পদ্ধতি হৈছে, শালি ধান, আহুধান, আইজোংধান, আদি এনে জাতৰ ধান বিলাক পানীত সিজাই এটা নিৰ্দিষ্ট জোখত ধানখিনি ফালি দিব লাগে। তাৰ পিছত পানীৰ পৰা ধানখিনি টুকিলৈ ৰ’দত ভালকৈ শুকোৱাই লৈ ঢেঁকীত বা মিলত খুন্দি চাউল উলিয়াব লাগে। এই দৰে বনোৱা চাউলক উখুৱা চাউল বুলি কোৱা হয়।
এই উখুৱা চাউলত বহু পৰিমাণে ভিটামিন পোৱা যায়। এই চাউলৰ ভাত স্বাস্হ্যবৰ্ধক আৰু বহু ৰোগৰ বাবে অতি উত্তম বুলি কব পাৰি। উখুৱা চাউলৰ ভাত কেইটা কিন্তু খুবেই জুতি লগা। এই ভাত কেইটাৰ লগত যদি টেঙা দিয়া তৰকাৰি, গুটি কচু দি ৰন্ধা দাইল, মাটি মাহৰ আঞ্জা, হাঁহৰ মাংস, পচলা ভাজি তেতিয়া আৰু জুতি লগা হৈ পৰে।

এই উখুৱা চাউলৰ ভাতে ডায়েবেটিচ, উচ্চ ৰক্তচাপ, মেদবহুলতা,গেছ, এচিডিটি, ডায়েৰীয়া, ডিচেন্ট্ৰি, আদি বহু ৰোগৰ বাবে উপকাৰী। উখুৱা চাউলৰ পিঠাগুৰি শিশুৰ বাবে খুবেই উপকাৰী। এই চাউলৰ পিঠাগুৰি খুব সহজে হজম হয়। ডায়েবেটিচ ৰোগীৰ বাবে এই চাউল অতি উত্তম। পেটৰ সমস্যা থকা লোকৰ বাবে উখুৱা চাউলৰ ভাত খুবেই উপকাৰী। উখুৱা চাউলৰ ভাতে ৰক্তহীনতা প্ৰতিৰোধ কৰে আৰু হাড়, দাঁতৰ গঠন মজবুত কৰে। উখুৱা চাউলৰ ভাত খালে সোনকালে পেট ভৰে আৰু হজম শক্তি ভাল হয়। অৰ্শ ৰোগীৰ বাবে উখুৱা চাউল উপকাৰী। বৃদ্ধ লোক সকলৰ বাবে উখুৱা চাউলৰ ভাত অতি প্ৰয়োজন বুলি কব পাৰি। থাইৰয়ড থকা লোকে উখুৱা চাউলৰ ভাত খোৱাটো প্ৰয়োজন।
আগৰ দিনত খেতি নথকা লোকেও বেলেগৰ ঘৰৰ পৰা ধান কিনি আনি উখুৱা চাউল তৈয়াৰ কৰি খাইছিল। অৱশ্যে গাঁও বিলাকত এতিয়াও নথকা নহয়, বহুলোকে এতিয়াও উখুৱা চাউল তৈয়াৰ কৰে। আহকচোন এই উখুৱা চাউলক সন্মান দি আমি নিজকে নিৰোগী কৰি ৰাখো।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close