বিচিত্র জগতবিশেষ

ইনষ্টাগ্ৰামৰ ৭২৩ কোটি টকীয়া মেকুৰী

এটি বিশেষ মেকুৰী। বিশেষ বুলি কোৱা কাৰণাে কিন্তু সুকীয়া। আমি দেখা সচৰাচৰ মেকুৰীতকৈ ই যথেষ্ট ব্যতিক্রম। কাৰণ এই মেকুৰীটোৰ সম্পত্তিৰ তালিকা শুনিলে হয়তাে আপােনালােকৰ চকু কপালত উঠিব। এহেজাৰ-দুহেজাৰ নহয় মুঠ ৭২৩ কোটি টকাৰ সম্পত্তিৰ গৰাকী এই বিশেষ মেকুৰীটো। শেহতীয়াকৈ মেকুৰীটোৱে ছ’চিয়েল মিডিয়াত তীব্র খলকনিৰ সৃষ্টি কৰিছে। ওপৰৰ ছবিত দেখা এই মেকুৰীটো কোনাে সাধাৰণ মেকুৰী নহয়। এনেকুৱা মেকুৰী সাধাৰণতে আমি টেলিভিছনত নাইবা গুগলত দেখিবলৈ পাওঁ। কিয়নাে এনেকুৱা মেকুৰী সহজলভ্য নহয়৷ সেয়ে এই মেকুৰীটোৱেও বর্তমান তাৰকাৰ সন্মান। লাভ কৰিবলৈ সক্ষম হৈছে। নেটৰ পৃথিৱীত খুবেই জনপ্রিয় এই মেকুৰীটো। নাম টাৰ্দাৰ চচ। ইনষ্টগ্রামত এই মেকুৰী অর্থাৎ টাদাৰৰ ফল’ৱাৰৰ সংখ্যা প্রায় ২৪ লাখ। সকলােৱে এক মেকুৰীৰ প্রজাতিটোক গ্রাম্পি কেট বুলি কয়। অর্থাৎ এই মেকুৰীবােৰৰ মুখৰ অৱয়ব সচৰাচৰ মেকুৰীতকৈ কিছু পৃথক। এই অদ্ভুত মুখৰ আকৃতিৰ বাবেই হয়তাে এই মেকুৰীটোৰ নাম টাদাৰ ৰখা হৈছে। মেকুৰীটোৰ মুখখন প্রতিটো মুহূর্ততে গম্ভীৰ হৈ থাকে। কেতিয়াও মেকুৰীটোৰ মুখভংগিত পৰিৱর্তন দেখিবলৈ পােৱা নাযায়। আৰু এই গম্ভীৰ মুখখনৰ বাবেই হয়তাে টাদাৰে বিপুল জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়া তথ্য অনুসৰি মার্কিন যুক্তৰাষ্ট্রৰ নিউ জাৰ্ছিৰ মৰিচ টাউনৰ বাসিন্দা এই মেকুৰীটোৰ জন্ম হৈছিল ২০১২ চনৰ ৪ এপ্রিলত। জন্মৰ প্রায় পাঁচ মাহৰ পিছতেই এই গম্ভীৰ ৰূপী টাৰ্দাৰৰ এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। টাৰ্দাৰৰ এই ছবিখন তুলিছিল মৰিচ টাউনৰ বাসিন্দা মার্কিন যুৱতী ব্রায়ান বুন্দেচেনে অর্থাৎ মেকুৰীটোৰ গৰাকীয়ে। আৰু এয়াই আছিল জনপ্রিয়তাৰ আৰম্ভণি। বর্তমান ফেচবুকত ‘গ্রাম্পি কেটখ্যাত’ ফল’ৱাৰৰ সংখ্যা প্রায় ৮৬ লাখ। টুইটাৰত ১৫ লাখৰ পৰিৱর্তে ইনষ্টগ্রামত মুঠ ফল’ৱাৰৰ সংখ্যা ২৪ লাখ। সামগ্রিক দিশৰ পৰা চাবলৈ গলে টাৰ্দাৰৰ মুঠ সম্পত্তিৰ পৰিমাণ প্রায় ৯৯ মিলিয়ন ডলাৰ যাৰ টকা হিচাপত মূল্য ৭২৩ কোটি টকা। বছৰৰ প্ৰতিটো দিনেই টার্দেই অসংখ্য বিজ্ঞাপনী ফটোশ্বটত ব্যস্ত থাকে। এইসমূহ বাণিজ্যিক বিজ্ঞাপনৰ পৰাই টার্দেই যথেষ্ট অর্থ উপার্জন কৰে। সম্প্রতি এটি সম্পত্তি সংক্রান্তীয় ঘটনাক লৈ টার্দেই ৭ লাখ মার্কিন ডলাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তথাপিও যেন হাঁহি বিৰিঙি উঠা নাই গ্রাম্পি কেট টাদাৰৰ মুখত। কাৰণ টাৰ্দাৰ হ’ল বেছ গহীন গম্ভীৰ। উল্লেখ্য যে, ছ’চিয়েল মিডিয়াত তীব্র খলকনি তােলা এই টাদাৰৰ অনুৰাগীৰ সংখ্যা যথেষ্ট বুদ্ধি পাইছে। এই ব্যতিক্রমী টার্দাৰে বর্তমান সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close