অসমচলচ্চিত্ৰজগত

ইতিহাসৰ মঞ্চত দুৰ্দান্ত চম্পক মেধি

ধনজিৎ দাসৰ ৰিপৰ্ট

সপোনে দিঠকৰ আগজাননী দিয়ে । সৰুতে এজন ভাল অভিনেতা হোৱাৰ সপোন দেখা যুৱকজনে বিগত আঠটা বছৰে ভ্ৰাম্যমাণৰ মঞ্চত সেই সপোনকে বাস্তৱ ৰূপ দিবলৈ নিজৰ সাধনা অব্যাহত ৰাখিছে নিজৰ অভিনয়ৰ মাজেৰে । ২০১১-১২ নাট্যবৰ্ষত ‘বীণাপাণি থিয়েটাৰ’ৰ জৰিয়তে ভ্ৰাম্যমাণৰ খোজ পেলোৱা এই যুৱকজনে ইয়াৰ পাছত ক্ৰমে – ৰূপকোঁৱৰ, নয়নতৰা, সুদৰ্শন, ৰাজমুকুত, ইতিহাস আদিৰ দৰে আগশাৰীৰ নাট্যদলত চুক্তিবদ্ধ হৈ অভিনয়ৰে নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছে । এই যুৱকজনেই হ’ল যুৱ অভিনেতা চম্পক মেধি । অসমীয়া অভিনয় জগতৰ ভৱিষ্যতৰ সম্পদ এইজন চম্পক মেধিয়ে অষ্টম শ্ৰেণীত পঢ়ি থাকোতেই অভিনয়ৰ অ-আ ক-খ শিকিবলৈ নামভৰ্তি কৰিছিল ‘স্কুলঅৱ ড্ৰামা’ত । সৰুতে তেওঁ অভিনয় কৰা কেইখনমান উল্লেখযোগ্য নাট হ’ল – ‘ৰিক্সাৱালা’, ‘আমিও বিহু পাতিম’, ‘জাঁজী’ ইত্যাদি । ইয়াৰোপৰি তেওঁ কেইবাখনো ধাৰাবাহিক আৰু ভিচিডিটো ভুমুকি মাৰিছিল ।

ইমানখিনি অভিজ্ঞতাক সমল হিচাপে লৈ যুৱ অভিনেতাজন এইবাৰো চুক্তিবদ্ধ হৈছে অসমৰ আগশাৰীৰ নাট্যদল ‘ইতিহাস থিয়েটাৰ’ত । যুৱ অভিনেতাজনে এইবৰ্ষত অভিজিৎ ভট্টাচাৰ্য্যৰদেৱৰ ‘তেজে ধোৱা মানুহ’ত এজন আদহীয়া পংগু মানুহৰ চৰিত্ৰত, চম্পক শৰ্মাদেৱৰ ‘দানৱ’ত এজন ডাক্তৰৰ চৰিত্ৰত আৰু ধ্ৰুৱজ্যোতি শৰ্মাদেৱৰ ‘এয়ে মোৰ শেষ গান’ত এজন কলেজীয়া চৰিত্ৰত অভিনয় কৰি নাট্যপ্ৰেমীক তেওঁৰ অভিনয় বৈচিত্ৰ্যতাৰ প্ৰমাণ দিছে । যুৱ অভিনেতা চম্পক মেধিৰ এই যাত্ৰা এদিন সফল হওঁক নাট্যপ্ৰেমী ৰাইজৰ আশাবাদী ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close