
আগন্তুক ইউৰো-২০২০লৈ যোগ্যতা অর্জন কৰিছে বেলজিয়ামে। বেলজিয়াম হৈছে ইউৰো-২০২০লৈ যোগ্যতা অর্জন কৰা প্ৰথমটো ফুটবল দল। কালি নিশা ব্ৰুছেলছৰ কিং বৌদুইন ষ্টেডিয়ামত অনুষ্ঠিত ইউৰোপীয়ান চেম্পিয়নশ্বিপৰ যোগ্যতা নিৰ্ণায়কৰ গ্রুপ ‘আই’ৰ মেছত জয় লাভ কৰি ইউৰো-২০২০লৈ যোগ্যতা অর্জন কৰিছে বেলজিয়াম দলটোৱে। চান মাৰিন’ৰ বিৰুদ্ধে অনুষ্ঠিত মেছখনত বেলজিয়াম দলটোৱে ৯-০গ’লৰে বৃহৎ জয় লাভ কৰিছে। মেছখনৰ আৰম্ভণিৰে পৰা দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰে ঘৰুৱা দলটোৱে। বেলজিয়ামে প্ৰতিদ্বন্দীৰ বিৰুদ্ধে প্ৰথমটো গ’ল দিয়ে ২৮মিনিটত। এই গ’লটো দিয়ে ৰমেলু লুকাকোৱে। লুকাকোৱে মেছখনত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰি দুটাকৈ গ’ল দিয়ে। প্ৰথমটো গ’ল লুকাকোৱে ২৮মিনিটত দিয়াৰ বিপৰীতে দ্বিতীয়টো গ’ল দিয়ে ৪১মিনিটত। মেছখনত বেলজিয়ামে প্ৰথমটো গ’ল ২৮মিনিটত দিয়াৰ বিপৰীতে দ্বিতীয়টো ৩১মিনিটত, তৃতীয়টো ৩৫মিনিটত, চতুৰ্থটো ৪১মিনিটত, পঞ্চমটো ৪৩মিনিটত, ষষ্ঠটো ৪৫মিনিটত, সপ্তমটো ৭৯মিনিটত, অষ্টমটো ৮৪মিনিটত আৰু নৱমটো ৯০মিনিটত দিয়ে।