অসমবিশেষশীৰ্ষ

ইংৰাজী ভাওনা পৰিচালক অৰূপ শইকীয়াক সম্বৰ্ধনা

চন্দন শৰ্মা, জামুগুৰিহাট

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ আইমাতৃ শাখা সমাজৰ ধৰ্মালোচনী পূন্যদীপা উন্মোচন অনুষ্ঠানত বিদেশত ইংৰাজী ভাষাত গুৰুজনাৰ ভাওনা মঞ্চস্থ কৰি প্ৰচাৰ কৰি অহাৰ কাৰণে জামুগুৰিহাটৰ উদিয়মান যুৱক অৰূপ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে । তেখেতৰ লগতে সু-সাহিত্যিক বিষ্ণুৰাভা বঁটা প্ৰাপক নিলোৎপল বৰুৱা আৰু মাৰ্চেল আৰ্টৰ ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত খেলুৱৈ পাঞ্চনান দাসকো বিপুলভাবে সম্বৰ্ধনা জ্ঞাপন কৰে । দিল্লী বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি অসমীয়া সংস্কৃতিৰ বোৱতী নদীখনি বিশ্বৰ বুকুত বোৱাই দি অসমীয়া জাতিৰ সংস্কৃতিক বলিষ্ঠ আসনত অলংকৃত কৰা অৰূপ শইকীয়াৰ প্ৰচেষ্টাক জামুগুৰিহাটবাসী ৰাইজে শলাগ লয় । সম্পাদিকা ইংকুমনি কাকতীয়ে আঁত ধৰা অনুস্থানত সভানেত্ৰী অঞ্জনা বৰাই গুৰুজনাৰ সৃষ্টিজগত সভাত বিলাই দিয়াৰ লক্ষ্যৰে পৰিবেশন কৰা ইংৰাজী ভাওনা অসমীয়া সংস্কৃতিৰ কাৰণে মাইলৰ খুঁটি বুলি অভিহিত কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close