অসমবিশেষশীৰ্ষ

আৰোহণ ফাইনেনঞ্চিয়েল চাৰ্ভিচৰ উল্লেখনীয় পদক্ষেপ :বিশ্বনাথত বিনামূলীয়াকৈ স্কুলবেগ বিতৰণ

ৰূপজ্যোতি শইকীয়া,বিশ্বনাথ চাৰিআলি

বিশ্বনাথ জিলাৰ বালিচাং অঞ্চলৰ লক্ষণবস্তি প্ৰাথমিক বিদ্যালয়ত “কণ কণ শিশুসকলক বিদ্যালয়মুখী কৰাৰ এক বাস্তৱ স্বপ্ন” শিৰোগত কৰি প্ৰায় ৪০ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ স্কুল বেগ বিতৰণৰ অনুষ্ঠান উত্তৰ পূব ভাৰতৰ এক অগ্ৰণী বিত্তীয় প্ৰতিষ্ঠান “আৰোহণ ফাইনেনন্সিয়েল ছাৰ্ভিচেছ লিমিটেড”ৰ তৰফৰ পৰা সম্পাদিত কৰা হয় । এই অনুষ্ঠানত বিশেষ ভাবে সফল কৰাত গুৰি ধৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক গোলাপ খান,আৰোহণ ৰ ক্ষেত্ৰ প্ৰবন্ধক প্ৰৱাল প্ৰাণ ভট্টাচাৰ্যই আৰু এই কাৰ্যসূচীত উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী , বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি আজমত শ্বেখ,সাংগঠনিক সম্পাদক মহেশ শৰ্মা,বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিন্টু বৰা,পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুশীল তাঁতী সমন্বিতে অনুষ্ঠানত উপস্থিত থকা বালিচাং বাসী ৰাইজৰ সহযোগত সুকলমে অনুষ্ঠিত হয় আৰু ৰাইজে এটি ঋণ প্ৰদানকাৰী সংস্থাৰ পৰা এনে সামাজিক দায়বদ্ধতা আঁচনিৰ যোগেদি এখন সুস্থিৰ সমাজ গ্ৰহ দিয়াৰ মহৎ কাৰ্যক শলাগ লয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close