শীৰ্ষস্বাস্থ্য

আহোম বগৰীৰ উপকাৰিতা

খালিদ ইছলাম, দেৰগাঁৱ

আহোম বগৰী বা কমন প্লাম বা নৰা বগৰী প্ৰকাৰভেদে ৰঙা আৰু ডাঠ বেঙুনীয়া ৰঙৰ এবিধ সুস্বাদু ফল। ইয়াৰ বীজ বোৰ খহটা,দাগযুক্ত, দেখাত খুবই সুন্দৰ আৰু অলপ ডাঙৰ।
আহোম বগৰীৰ মঙহাল, কোমল, ৰসাল, মিঠা অথবা টেঙেচীয়া মিঠা।
ইয়াত পোৱা ৰাসায়নিক তত্ববোৰ ক্ৰমে ডি গেলেক্ট’জ, ডি মেন’জ, এল-এৰাবিন’জ, ডি জাইল’জ, এল ৰেমন’জৰ দৰে শ্বেতসাৰৰ উপৰি গ্লুকুৰনিক এচিড আৰু লগে লগে বহু এন্টি-অক্সিডেন্ট ই ভৰপুৰ।
আহোম বগৰী পাকস্থলীৰ সাধাৰণ ক্ৰিয়াৰ বাবে এবিধ উপকাৰী ফল। আহোম বগৰীয়ে মানুহৰ পেট ঠাণ্ডা কৰে, ভোক লগা, হজমী আৰু শৰীৰৰ শ্ৰীবৃদ্ধি কৰে লগতে আহোম বগৰীয়ে পেট কামোৰ, পেটত গেছ হোৱা, বমি ভাব আৰু দুৰ্বলতা আদিৰ বাবে ই বৰ উপকাৰী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close