বিশেষশীৰ্ষস্বাস্থ্য

আমলখিৰ স্বাস্থ্য উপকাৰিতা

মিনতি বেজবৰুৱা

আমলখি এনে এটি ফল যাৰ ব্যৱহাৰ বহু যুগ ধৰি জনসমাজত ঔষধি ৰূপে ব্যৱহাৰ কৰি অহা হৈছে।এই ফল সোৱাদত কেহা যদিও ইয়াৰ আছি বহু স্বাস্থ্যসন্মত গুনাগুন। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Phyllanthus Emblica বা Emblica officials।
আমলখিত যথেষ্ট পৰিমাণে Vitamin C (Ascorbic acid) থকাৰ লগতে Punicafolin, Phyllane Mbliinin A, Ellagic Acid ইত্যাদি মানৱ শৰীৰৰ বাবে লাগতিয়াল ৰাসায়নিক তত্ববোৰো পোৱা যায়।


আমলখিৰ_গুণাগুণ:-
১) আমলখিত থকা ভিটামিন C য়ে শৰীৰৰ অপকাৰী কলেষ্টৰল বোৰ নোহোৱা কৰে আৰু শৰীৰ সুস্থ ৰাখে।
২) নিয়মিত আমলখিৰ সেৱনে শৰীৰত তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে।ফলত ডায়েবেটিচ ৰোগীৰ বাবে আমলখি খুবেই এটি উপকাৰী ফল।পিছে অত্যাধিক সেৱনে হাইপ’গ্লাইচেমীয়াৰ দৰে জটিল পৰিস্থিতিৰো সৃষ্টি কৰিব পাৰে। সেয়েহে, সেই দিশলৈ দৃষ্টি ৰাখি আমলখি সেৱন কৰিব,উপকৃত হব।
৩) চকুৰ দৃষ্টি শক্তি অটুট ৰাখিবলৈ বা চকুৰ অন্যান্য ৰোগৰ পৰা বাচিবলৈ নিয়মিয়াকৈ আমলখি খাওক।
৪) নিয়মিতভাৱে আমলখি খালে চুলি আৰু স্কিনৰ সৌন্দৰ্য্য বৃদ্ধি পায়। চুলি সৰা সমস্যা ৰোধ হয়।বহুতে আকৌ প্ৰতক্ষ্য ভাৱে আমলখি পিহি চুলিত সানে।

৫) আমলখিত কেঞ্চাৰৰ দৰে ৰোগকো প্ৰতিৰোধ কৰাৰ গুণ অন্তৰ্নিহিত ।
৬) আমলখিত যথেষ্ট পৰিমাণে ফাইবাৰ আৰু পানী থকাৰ লগতে ইয়াৰ এন্টি-ইনফ্লেমেটৰি গুণে Acidity হবলৈ নিদিয়ে।কোষ্ঠকাঠিন্যতাও ৰোধ কৰে।
৭)আমলখিয়ে আমাৰ শৰীৰৰত ডাইয়োৰেটিকচ্ ৰ দৰে কাম কৰে আৰু শৰীৰৰ অলাগতিয়াল বিষাক্ত দ্ৰব্য বোৰ প্ৰস্ৰাৱৰ দ্বাৰা বাহিৰ কৰে।
৮)আমলখিত থকা উপকাৰী ৰাসায়নিক তত্ত্ববোৰে আমি খোৱা Calcium ৰে ভৰপূৰ আহাৰবোৰ খুব সহজেই হজম হোৱত সহায় কৰে।আৰু সেয়েহে হয়তো কোৱা হয় আমলখি খালে হাড়,দাঁত মজবুত হোৱাৰ লগতে হাড় বা গাঁঠিৰ বিষো বহু সময়ত আৰাম পোৱা যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close