বিশেষশীৰ্ষস্বাস্থ্য

আপেলে কেন্সাৰ ৰােধ কৰে

ইংৰাজীত এষাৰ কথা আছে An apple a day keep the doctor away. অর্থাৎ নিয়মিত আপেল খালে চিকিৎসক প্রয়ােজন নহয়। সম্প্রতি যুক্তৰাষ্ট্র মেডিকেল এচ’ছিয়েচনে আপেলক লৈ এক গৱেষণা চলাইছিল।গৱেষণা কালত বহু গুৰুত্বপূর্ণ তথ্যই পােহৰলৈ আহিছে। আপেলৰ উপকাৰিতা সম্পর্কে তলত চমু আলােচনা দাঙি ধৰা হ’ল— দাঁতৰ ৰােগ নির্মূল কৰে : আপেল খালে দাঁতৰ যথেষ্ট উপকাৰ হয়। নিয়মিত আপেল খালে দাঁতত থকা ক্ষতিকাৰক বেক্টেৰিয়াসমূহক ৰােধ কৰাত সহায় কৰে।ইয়াৰ উপৰি দাঁতৰ হালধীয়া দাগ আঁতৰ কৰি বগা কৰি তােলাত সহায় কৰে। কেন্সাৰ ৰােধ কৰে :এক সমীক্ষাত প্রমাণিত হৈছে যে আপেল খালে অগ্নাশয়ৰ কেন্সাৰৰ সম্ভাৱনা প্রায় ২৩ শতাংশ কমে। কাৰণ আপেলত প্ৰচুৰ পৰিমাণে ফ্ল্যাভােনল থাকে। ইয়াৰ উপৰি আপেলত থকা ট্রিটাৰপেনয়েডতে লিভাৰ, স্তন কেন্সাৰৰ বেক্টেৰিয়াসমূহক বাঢ়ি অহাত বাধা দিয়ে। আপেলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থকা বাবেই মলাশয়ৰ কেন্সাৰ ৰােধতাে যথেষ্ট সহায় কৰে।। মধুমেহৰ সমস্যা ৰােধ কৰে ? প্রতিদিনে আপেল খালে মধুমেহ ৰােগ হােৱাৰ পৰা প্রায় ২৮ শতাংশ সম্ভাৱনীয়াত কমি যায়। আপেলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে যিয়ে তেজত শৰ্কৰাৰ পৰিমাণ সঠিক ৰাখি কলেষ্টেৰল সম্যাও বহু পৰিমাণে ৰােধ কৰে। হৃদপিণ্ডৰ ৰােগ ৰােধ কৰে :আপেলত থকা ফেনলিক উপাদানে ৰক্তনলিকাৰ পৰা কলেষ্টেৰল আঁতৰােৱত সহায় কৰে। ইয়াৰ ফলত হৃদপিণ্ডৰ তেজ চলাচল স্বাভাৱিক ৰখাত সহায় কৰে। যাৰ ফলত হৃদপিণ্ডৰ সকলাে সমস্যাই দূৰ হয়।।ওজন হ্রাস : আপেলত প্ৰচুৰ পৰিমাণে থকা ফাইবাৰে ওজন হ্রাসত যথেষ্ট পৰিমাণে সহায় কৰে। যথেষ্ট পৰিমাণে আপেল খালেও শৰীৰত কেলৰি নাবাঢ়ে। যাৰ ফলত ওজন নিয়ন্ত্রণ হৈ থাকে। লিভাৰ সুস্থ ৰাখে : লিভাৰৰ যিকোনাে সমস্যাই ১০০ শতাংশ দূৰ কৰে এটি আপেলে। আপেলে লিভাৰত জমা হােৱা ক্ষতিকাৰক উপাদানসমূহক আঁতৰাই সুস্থ ৰখাত সহায় কৰে। ৰােগ প্ৰতিৰােধৰ ক্ষমতা বঢ়ায় : আপেলত থকা এন্টি অক্সিডেন্টে আমাৰ শৰীৰৰ ৰােগ প্ৰতিৰােধ ক্ষমতা বঢ়াই শৰীৰটোক নিৰােগী কৰি ৰখাত সহায় কৰে। গল্ডষ্টন ৰােধ কৰে : পিত্তথলীৰ মাজত অতি পৰিমাণে কলেষ্টেৰল জমা হলেই গল্ডষ্ট’ন হয়। গল্ডষ্টন কমাবলৈ চিকিৎসকসকলে ফাইবাৰ সমৃদ্ধ ফল বা খাদ্য খােৱাৰ উপদেশ দিয়ে।এই ক্ষেত্ৰত আপেলৰ বাহিৰে অন্য বিকল্প নাই। কিয়নাে আপেলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে।যিয়ে গল্ডষ্টন ৰােধত যথেষ্ট সহায় কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close