অসমশীৰ্ষ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকি উঠিল অসমৰ নৃত্য শিল্পী

খগেন্দ্র ৰাভা

ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হোৱা “আন্তঃৰাষ্ট্ৰীয় বহু ভাষিক নৃত্য-সঙ্গীত মহোৎসৱ-২০১৯ ত চাৰিটাকৈ নৃত্যত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে দুধনৈৰ “নৃত্য কলা একাডেমী” সাংস্কৃতিক দলটিয়ে ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এই মহোৎসৱত সমগ্ৰ ভাৰতবৰ্ষৰ উপৰিও কলম্বো, শ্ৰীলংকা, মালাইছিয়া, থাইলেণ্ড আদিকে ধৰি অসমৰ প্ৰতিনিধিত্ব হৈ দুধনৈস্থিত “নৃত্য কলা একাডেমীৰ” সাংস্কৃতিক দলটিয়ে অংশগ্ৰহণ কৰি পুণৰ অসমৰ সুনাম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, বড়ো লোকনৃত্য বাৰদৈ চিখিলা, ভাৰত নাট্যম, লঘু শাস্ত্ৰীয় নৃত্যত যৌথ আৰু একক ভাবে প্ৰতিযোগিতাত অংশ কৰিছিল আৰু চাৰিটাকৈ নৃত্যত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close