আন্ত-ৰাষ্ট্ৰীয়শীৰ্ষ

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল অসমৰ চিকিৎক

অসমলৈ পুনৰ সুখবৰ। বিশ্বৰ শীৰ্ষ এশ পেথ’ল’জিষ্টৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ চিকিৎসক চৈয়দ ৰিফাট মান্নানে। শিৱসাগৰৰ ধাইআলিত ঘৰ মান্নানৰ। ইয়াৰ সমান্তৰালভাৱে পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ পেথ’ল’জি বিভাগৰ সহকাৰী অধ্যাপক চৈয়দ ৰিফাট মান্নান। বিশ্বৰ চিকিৎসা শিক্ষাৰ অন্যতম শ্ৰেষ্ঠ প্ৰতিষ্ঠান আমেৰিকাৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত কৰ্মৰত এই গৰাকী অসমৰ চিকিৎসক। ব্ৰিটিছ আলোচনী দ্য পেথলজিস্টৰ সমীক্ষাত বিশ্বৰ শীৰ্ষ ১০০ পেথ’ল’জিষ্টৰ তালিকাত স্থান লাভ কৰিছে এই গৰাকী অসম সন্তানে। শিৱসাগৰ হাই মাদ্ৰাছাত স্কুলীয়া শিক্ষা সামৰি কটন কলেজ, ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় আৰু এইমছত শিক্ষা গ্ৰহণ কৰিছিল চিকিৎসক ৰিফাট মান্নানে। উল্লেখযোগ্য যে, এই খবৰ লাভ কৰাৰ পিছতেই এতিয়া শিৱসাগৰৰ লগতে সমগ্ৰ অসমতে আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close