অসমবিশেষশীৰ্ষ

আজাৰগুৰিত ৬১ সংখ্যক অখণ্ড হৰি কীৰ্ত্তন মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

উত্তৰ জামুগুৰি হৰি কীৰ্ত্তন সমিতিৰ উদ্যোগত আয়োজন অখণ্ড হৰি কীৰ্ত্তনত অংশগ্ৰহণ কৰিব ১০১ সংঘই

শোণিতপুৰ জিলাৰ উওৰ জামুগুৰি অঞ্চলৰ নেপালী জনগোষ্ঠীৰ অন্যতম বৃহৎ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্ত্তন সমিতিয়ে তিনিদিনীয়া বিস্তৃত কাৰ্যসুচীৰে অখণ্ড হৰি কীৰ্ত্তন মহোৎসৱ আয়োজন কৰিছে ৷ উত্তৰ জামুগুৰিৰ বৰদিকৰাইৰ আজাৰগুৰিত ৭, ৮ আৰু ৯ নম্বেৱৰত বিস্তৃত কাৰ্যসুচীৰে স্থানীয় দামোদৰ সংঘ আৰু কল্যাণী মহিলা কীৰ্ত্তন সংঘৰ যৌথ উদ্যোগত এই অখণ্ড হৰি কীৰ্ত্তন অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে ৷বিশ্ব মানৱ, শান্তি আৰু বিকাশৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা এই হৰি কীৰ্ত্তন মহোৎসৱত অঞ্চলটোৰ ১০১ এখন হৰি কীৰ্ত্তন সংঘই অংশ গ্ৰহণ কৰিব ৷৬১ সংখ্যক এই হৰি কীৰ্ত্তন মহোৎসৱ সফল ৰূপায়নৰ বাবে ইতিমধ্যে গঠন কৰা ২১ খনকৈ বিভিন্ন উপসমিতিয়ে তেওঁলোকৰ নিজা নিজা দ্বায়িত্ব প্ৰায় সম্পূৰ্ণ কৰা বুলি জানিবলৈ দিয়ে উত্তৰ জামুগুৰি হৰি কীৰ্ত্তন সমিতিৰ সভাপতি বিমল থাপা আৰু সম্পাদক জিত বাহাদুৰ নেৱাৰে ৷ সভাপতি সম্পাদকদ্বয়ে জানিবলৈ দিয়ামতে ৭ নবেম্বৰৰ পূৱা বৃক্ষৰোপন কৰিব বিশিষ্ট সমাজ সেৱক ভীমলাল আচাৰ্য, বন্তি প্ৰজ্বলন কৰিব দেবনায়ক অধিকাৰীয়ে ৮ নম্বেৱৰ পূৱতি নিশা সহস্ৰাধিক মহিলাই জীয়াভৰলী নদীৰ পৰা জলযাত্ৰা অনুষ্ঠান আৰম্ভ কৰাৰ অন্তত ধৰ্মধ্বজা উত্তোলন কৰিব উত্তৰ জামুগুৰি হৰি কীৰ্ত্তন সমিতিৰ সভাপতি বিমল থাপাই ৷ স্মৃতি তৰ্পন কৰিব সমাজ সেৱক টংক ভাণ্ডাৰীয়ে ৷পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হোৱা অখণ্ড হৰি কীৰ্ত্তন ৯ নম্বেৱৰৰ পূৱা সামৰণি পৰিব বুলি জানিব পৰা গৈছে ৷ এই অখণ্ড হৰি কীৰ্ত্তনত বিশেষভাৱে মহিলা সকলে অংশ গ্ৰহন কৰিব আৰু দল সমুহৰ মাজত প্ৰতিযোগীতাও অনুষ্ঠিত হব বুলি জানিবলৈ দিয়ে উত্তৰ জামুগুৰি হৰি কীৰ্ত্তন সমিতিয়ে ৷ হৰি কীৰ্ত্তন মহোৎসৱভাগ সফল ৰূপায়নৰ বাৱে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগীতা আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি চমক সিং কাৰ্কী কাৰ্যকৰী সভাপতি নাৰায়ন আচাৰ্য্য আৰু যুটীয়া সম্পাদকদ্বয় ক্ৰমে ঈশ্বৰ আচাৰ্য্য আৰু দিলীপ সুতাৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close