
সৰভোগৰ ভট্টদেৱ কবি সন্মিলনৰ উদ্যোগত বিশিষ্ট সাহিত্যিক ডম্বৰুধৰ গোস্বামীৰ চোতালত আজি দিনৰ ১ বজাত ‘আঘোণৰ আবেলিৰ এচেৰেঙা ৰ’দ’ শীৰ্ষক এখন কবি সন্মিলন অনুষ্ঠিত কৰা হয়। বিশিষ্ট সাহিত্যিক গৰাকীৰ আহোমপথাৰস্থিত বাসভৱনত অনুষ্ঠিত কবি সন্মিলনত সভাপতিত্ব কৰে ভট্টদেৱ বৰনগৰ কবি সন্মিলনৰ সভাপতি বীৰেন চন্দ্ৰ দাসে। কবি সন্মিলনত উপস্থিত থকা কেইবাগৰাকীও ব্যক্তিয়ে কবিতা পাঠ কৰাৰ লগতে ডম্বৰুধৰ গোস্বামীৰ প্ৰতিভা আৰু তেওঁ বৰনগৰলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে বক্তব্য ৰাখে। অনুষ্ঠানত কবিতাৰ পৰ্যালোচক হিচাপে উপস্থিত থাকে বৰপেটা কবি সন্মিলনৰ নঞ্জু দত্তই। অনুষ্ঠানত বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ উদ্ধৱ চন্দ্ৰ তালুকদাৰ, ভট্টদেৱ বৰনগৰ কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি দীনেশ চন্দ্ৰ নাথকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কবি সন্মিলনখন পৰিচালনা কৰে ভট্টদেৱ বৰনগৰ কবি সন্মিলনৰ সম্পাদক গুণৱতী দাস ভৰালী আৰু কোষাধ্যক্ষ ডুলু অধিকাৰীয়ে।