অসমবিশেষশীৰ্ষ

আগ্ৰীপামত অখিল অসম মগৰ সংঘৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন

চন্দন শৰ্মা, জামুগুৰিহাট

শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰি অন্তৰ্গত আগ্ৰীপামস্থিত জিলা সমিতিৰ কাৰ্যালয়ত অলপতে অসম মগৰ সংঘৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন হয় । মগৰ সংঘৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আগ্ৰীপাম আৰু গড়বিল শাখা সমিতিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত পতাকা উত্তোলন, শ্বহিদ তৰ্পনত শ্ৰদ্ধাঞ্জলী আৰু মঞ্চ উদঘাটন অনুষ্ঠানভাগ সম্পন্ন কৰে ।পতাকা উত্তোলক হিচাপে উপস্থিত থাকে শোণিতপুৰ জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ আলে মগৰ । তাৰপিচত অঞ্চলৰ জাতীয় শ্বহিদসকলৰ প্ৰতি সন্মান জনায় শ্বহীদ বেদীত পুষ্পাঞ্জলী, মাল্যাৰ্পন প্ৰদান কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে গড়বিল অঞ্চলৰ জেষ্ঠ সমাজকৰ্মী বিমল থাপাই আৰু মঞ্চ উদঘাটন কৰে পুষ্প থাপা মগৰে। উক্ত প্ৰতিষ্ঠা দিৱসত মগৰ সকলৰ সংস্কাৰ, সংস্কৃতি, কলা-কৃষ্টি, ৰীতি-নীতি, সাজ-পাৰ, ভাষা সাহিত্য হিচাপে নিজা লিপি ৰক্ষনাবেক্ষন কৰিবৰ বাবে মগৰ সংঘৰ মুল উদ্দেশ্য । আগুন্তুক ২০২১ বৰ্ষৰ পিয়লত মগৰ সকলৰ নিজা মাতৃভাষা হিচাপে “মগৰ ঢুট” লিখি নিজৰ ভাষা বচাই ৰাখিবৰ বাবে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সচিব বিজয় ঠাড়াই বহুমূলীয়া ভাষনৰ জৰিয়তে আহ্বান জনায় । ইয়াৰ লগতে উক্ত সভাত সদৌ অসম মগৰ সাহিত্য সভাৰ পুৰ্ণাঙ্গ সমিতিখন গঠন কৰে । উক্ত সদৌ অসম কেন্দ্ৰীয় পুৰ্ণাঙ্গ সমিতিখনৰ উপসভাপতি মন বাহাদুৰ চিজালী আৰু টংক ৰাণা, সহকাৰী সম্পাদক দেৱ কুমাৰ থাপা, সাংগঠনিক সম্পাদক বিজয় ঠাড়া, সাহিত্য সচিব পংকজ মগৰ, সদস্য গংগা লায়া মগৰ, ওডালগুড়ি জিলাৰ বিটিচি ৰিজনৰ সভাপতি কুমাৰ লুংগেলি আৰু সম্পাদক বিবেক থাপা মগৰক নিৰ্বাচিত কৰে । উক্ত সভাত কন কন শিশুসকলৰ লগতে যুৱক-যুৱতিসকলে মগৰ নৃত্য পৰিৱেশন কৰি উপস্থিত ৰাইজৰ মন জয় কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close