অসমবিশেষশীৰ্ষ

আগিয়াৰ উৰপদ বিলত আৰ চি চি পকী দলং নিৰ্মাণৰ কাম শুভাৰম্ভ

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

গোৱালপাৰা জিলাৰ বলবলা খাগ্ৰাবাৰী হৈ কুৰুৱাভাসা সংযোগী পথৰ ঐতিহাসিক উৰপদ বিলৰ পথৰ ওপৰত পকী দলং নিৰ্মাণৰ কাম আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ বিধায়ক এ.কে. ৰশিদ আলমে ৷ বছৰ বছৰ ধৰি বলবলা খাগ্ৰাবাৰী আৰু কুৰুৱাভা অঞ্চলৰ ৰাইজে উৰপদ বিলত থকা জৰাজীৰ্ণ কাঠৰ দলঙেৰে বিপদ সংকুল ভাৱে যাতায়ত কৰি আহিছিল ৷ অৱশেষত স্থানীয় বিধায়ক এ.কে. ৰশিদ আলমে ৰাইজৰ দুখৰ সমভাগী হৈ ৰাজ্য চৰকাৰৰ “মহাবীৰ লাচিত চিলাৰায়” সেতু নিৰ্মাণ আঁচনিৰ অধীনত ২:৭৫ কৌটি পুঁজীৰে বলবলাৰ পৰা কুৰুৱাভাসা লৈ যোৱা পথৰ ওপৰত উৰপদ বিলত অনুমোদন পোৱা পকী দলঙৰ নিৰ্মাণৰ কাম আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ৷ শুভাৰম্ভ অনুষ্ঠানত বিধায়ক গৰাকীৰ লগতে গড়কাপ্তানি বিভাগৰ অভিযন্তা তথা নডেল অফিচাৰ বনজিৎ অধিকাৰীৰ উপৰিও কেইবাগৰাকী অভিযন্তা আৰু দুই শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ৷ উল্লেখ্য যে, দীৰ্ঘদিনৰ অন্তত পথচোৱাৰ ওপৰত পকী দলং নিৰ্মাণ হোৱাত অতিকৈ সন্তোষজনক লাভ কৰাৰ লগতে স্থানীয় বিধায়ক গৰাকীক শলাগ জনায়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close