অসমবিশেষশীৰ্ষ

আগিয়াৰ অসম-মেঘালয় সীমান্তৰ বৰজং বিলত “বাহো উৎসৱ”

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

গোৱালপাৰা জিলাৰ আগিয়াৰ অসম মেঘালয় সীমান্তৰ বৰজং ৰাজহুৱা বিলত বাহো উৎসৱ উৎযাপন কৰা হয় ৷ বৰজং বিল ফিচাৰী সংৰক্ষণ সমিতিৰ উদ্যোগত বৰঝৰা অঞ্চলৰ লগতে ৮ খন গাৱৰ ৰাভা জনগোষ্ঠীৰ লোক সকলে অনুষ্ঠিত কৰি আহিছে বাহো উৎসৱ ৷ ৰাভা জনগোষ্ঠীৰ লোক সকলে সমূহীয়া ভাৱে মাছধৰা পৰ্বক বাহো বুলি কয় ৷ যিহেতু ৰাভা জনগোষ্ঠীয় লোক সকলৰ মাছধৰা পৰ্ব পৰম্পৰাগত কৃষ্টিৰ এটি অংশস্বৰূপ ৷ সেয়েহে ৰাভা অধ্যুষিত অঞ্চলত উক্ত বাহো উৎসৱ তথা মাছধৰা উৎসৱ অতীজৰে পৰা উদযাপন কৰি আহিছে ৷ উল্লেখ্য যে, ঐতিহাসিক বৰজং বিলত গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্যৰ মেঘালয়ৰ সকলো ধৰ্মাৱলম্বীৰ লোকে হাতে হাতে জাকৈ-খালৈ, জাল-পল আদি লৈ প্ৰায় ২ হেজাৰো অধীক লোকে বাহো উৎসৱত অংশগ্ৰহণ কৰি আনন্দ উল্লাহেৰে মৎস্য চিকাৰ কৰে ৷ প্ৰায় ৫৭ বিঘা ভূমি সামৰি থকা বৰজং বিলত বাহো উৎসৱত অংশগ্ৰহণ কৰা লোক সকলে বৰালি-শ’ল, গৰৈ, মাগুৰ-চিঙি, পুঠি মাছ আদি খালৈ ভৰ্তি পাইছে মাছ ৷

সকলোৰে আশা পৰিয়ালৰ সৈতে পৰম্পৰাগত খাদ্য, ঔ’ টেঙা, বিলাহী, মেষ্টা টেঙাৰে ৰান্ধি এখাজ তৃপ্তিৰে খোৱা হেঁপাহ ৷ বাহো উৎসৱত অতিথি হিচাপে ৰাভা হাছং পৰিষদৰ কাৰ্যবাহী সদস্য হৰিশ ৰাভা, যতীকা ৰাভা, দদান গাৱ পঞ্চায়তৰ সদস্যা গোপিনী শৰ্মা, ৰাভা মহিলা পৰিষদৰ বিষয়ববীয়াৰে ধৰি কেইবাগৰাকী বিশিষ্ট লোক, সমাজ কৰ্মীয়ে অংশ গ্ৰহণ কৰে উৎসৱত আৰু বৰজং বিল ফিচাৰী সংৰক্ষণ সমিতিয়ে প্ৰতিবছৰে পৰম্পৰা ৰক্ষা কৰি বাহো উৎসৱ উদযাপন কৰি আহিছে ৷ ইফালে বাহো উৎসৱ উপলক্ষে বৰজং বিল ফিচাৰী সংৰক্ষণ সমিতিৰ উদ্যোগত এটি অনুষ্টপপীয়া সভাও অনুষ্ঠিত হয়। সমিতিৰ সাধাৰণ সম্পাদক নৰেন্দ্ৰ ৰাভাই আত ধৰা সভাখনত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হৰিশ ৰাভাই ঐতিহাসিক বৰজং বিলৰ সংৰক্ষণৰ বাবে আঠখন গাঁৱৰ ৰাইজে গ্ৰহণ কৰা পদক্ষেপক শলাগ লোৱাৰ লগতে বৰজং বিলখনৰ সংৰক্ষণ তথা সংবৰ্ধনৰ লগতে এক জৈৱ-বৈচিত্ৰ্য ক্ষেত্ৰ হিচাপে গঢ়ি তুলি এক পৰ্যতনস্থলী হিচাপে বিলৰ উন্নয়ন ক্ষেত্ৰত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ তৰফৰ পৰা প্ৰচেষ্টা চলাই যোৱাৰ বুলি প্ৰকাশ কৰে। অনুষ্ঠানত ৰাভা হাছঙৰ আন এগৰাকী কাৰ্যবাহী সদস্য জোতিকা ৰাভাও বিল সংৰক্ষণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভাষণ দাঙি ধৰে ৷ আনহাতে বিল সংৰক্ষণ সমিতিৰ সভাপতি হেমচন ৰাভাই বৰজং বিলৰ উন্নয়নৰ উপৰিও ইয়াক এক জৈৱ-বৈচিত্ৰ্য হিচাবে গঢ়ি তোলাৰ বাবে ৰাইজে সমুহীয়া প্ৰচেষ্টাৰ অংশৰূপে এইবেলি দ্বিতীয় বাৰৰ বাবে বাহো উৎসৱ আয়োজন কৰা বুলি ব্যক্ত কৰাৰ লগতে এই ক্ষেত্ৰত বিল সংযোগী ৰাষ্টা-ঘাটৰ লগতে অন্যান্য আন্তঃগাঠনি উন্নয়নত ৰাভা হাছং পৰিষদৰ লগতে সংশ্লিষ্ট সকলো বিভাগীয় কতৃপক্ষৰ পৰা আগন্তুক দিনত সহায় সহযোগিতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে । সভাত গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদৰ সম্পাদিকা মনোমা, দদান আঞ্চলিক ৰাভা মহিলা পৰিষদ সভানেত্ৰী ৰুনু ৰাভাৰ লগতে স্থানীয় বহু সংখ্যক বিশিষ্ট সমাজকৰ্মী তথা ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close