বিশেষশীৰ্ষসৃজন

আকৌ এজন মাঝি

পঢ়া-শুনা জীৱন গঢ়াৰ কমাৰশাল। বিদ্যালয়ত জ্ঞানৰ পােহৰ লাভ কৰি জীৱনটোক নির্দিষ্ট লক্ষ্যলৈ উপনীত কৰাৰ হাবিয়াস সকলােৰে থাকে। বিশেষকৈ নিৰক্ষৰ পিতৃ-মাতৃৰ সন্তানে শিক্ষা লাভৰ ক্ষেত্ৰত আগবাঢ়ি আহিলে পিতৃ-মাতৃৰ সর্বতােপ্রকাৰে সহায় কৰে। ভাৰতবৰ্ষত নিৰক্ষৰতা লাহে লাহে দূৰ হােৱাৰ লগতে উচ্চশিক্ষাৰে শিক্ষিত হৈ বিভিন্ন দেশত দেশৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হৈছে বহুতেই। অৱশ্যে শিক্ষাৰ বাবে এতিয়াও বহু শিক্ষার্থীয়ে কষ্টকৰিবলগীয়া হয়। অকল ভাৰততেই নহয়, পৃথিৱীত কিছু এনে আওহতীয়া ঠাই আছে য’ৰ পৰা বিদ্যালয়লৈ যােৱাৰ ক্ষেত্ৰত যথেষ্ট জটিলতাৰ সন্মুখীন হ’বলগীয়াত পৰে শিক্ষার্থী। অলপতে জাপানৰ এনে এটা ঘটনা পােহৰলৈ আহিছিল। যত জাপান  ৰে’ল বিভাগে কেৱল এগৰাকী ছাত্ৰীক স্কুললৈ যােৱাৰ বাবেই এখন ৰে’লৰ যাত্রাপথ সলনি কৰি আওহতীয়া ঠাইটুকুৰাৰ  মাজেৰে লৈ গৈছিল। কাৰণ আজিৰ বিদ্যার্থী কাইলৈৰ ভৱিষ্যৎ।

এতিয়া এই কাহিনী শুনক— এয়া ভাৰতবৰ্ষৰ এখন অখ্যাত ঠাইৰ প্রখ্যাত কাহিনী। শিক্ষা আৰু আর্থিক দিশত পিছপৰা ৰাজ্য হিচাপে ওড়িশা সর্বজনবিদিত। ওড়িশাৰ ঘন জংঘলৰে আৱৰা এখন গাঁও হৈছে গােমছাহি। এই গাঁওখনৰে বাসিন্দা জলন্ধৰ নায়ক। হাবিতলীয়া গাঁওখনত শাকপাচলিৰ খেতিৰে জীৱন নির্বাহ কৰা জলন্ধৰ নায়কৰ সপােন নিজৰ ল’ৰা-ছােৱালীহাল শিক্ষিত হওক। অৱশ্যে গাঁওখনৰ পৰা প্রাথমিক বিদ্যালয় আছে প্রায় পাঁচ মাইল আঁতৰত। ফুলৱানিত থকা বিদ্যালয়খনলৈ যাবলৈ যথেষ্ট কষ্টকৰিব লাগে | শিক্ষার্থীসকলে আনকি তিনিশ ফুট উচ্চতাৰ পাহাৰ বগাইহে বিদ্যালয়ত উপস্থিত হ’বলগা হয় শিক্ষার্থী। এনে অৱস্থাত অকল ল’ৰা-ছােৱালীহালৰ ভৱিষ্যতৰ কথা ভাবিয়ে পঞ্চলিশবছৰীয়া জলন্ধৰ নায়কে দুবছৰ পূৰ্বৰে পৰা আৰম্ভ কৰিলে  হাবি কটাৰ কাম। অশেষ কষ্ট কৰি দুটা বছৰৰ অন্তত হাবি ভাঙি পাহাৰ ভাঙি নির্মাণ কৰি উলিয়ালে নিজৰ সন্তানহালৰ বাবে বিদ্যালয়লৈ যােৱাৰ বাট। এতিয়া নায়কৰ এই কাহিনীক ৰিজোৱা হৈছে দশৰথ মাঝিৰ সৈতে। দশৰথ মাঝি যিয়ে নিজৰ গাঁৱৰ পৰা ৪৫ কিলােমিটাৰ নিলগত থকা চিকিৎসালয়লৈ যােৱাৰ বাবে শিলেৰে আৱৰা পাহাৰত বাইশ বছৰ শ্ৰমৰ বিনিময়ত নির্মাণ কৰি উলিয়াইছিল এটা সুৰংগ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close