অসমবিশেষশীৰ্ষ

আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰত আন্তৰ্জাতিক পাই দিৱস উদযাপন

ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি

বিশ্বনাথ জিলাৰ অগ্ৰণী বিজ্ঞান জনপ্ৰিয়কৰণৰ অনুস্থান আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক পাই দিৱস পালন কৰা হয়। লগতে আইনষ্টাইনৰ জন্মদিৱস আৰু ষ্টিফেন হকিঙৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি বিজ্ঞান আৰু অংকৰ বিভিন্ন ক্ৰিয়াকলাপ শিশুসকলৰ মাজত পৰিচালনা কৰে ক্ষীৰধৰ বৰুৱা আৰু ৰিপুঞ্জয় বৰদলৈয়ে। “মোৰ জন্মদিনতো এটা প্ৰাকৃতিক দুৰ্যোগ। কাৰণ উক্ত দিনাই কাগজ আৰু তোষামোদৰ ধাৰাসাৰ বৰষুণ হয়, এই দুৰ্যোগত কোনোবা নহয় কোনোবা ডুবাটো নিশ্চিত।” আইনষ্টাইনৰ এই বাস্তৱ কথাশাৰীয়ে শিশুসকলক আমোদ দিয়ে।

১৯৮৮ চনৰ ১৪ মাৰ্চৰ পৰা চানফ্ৰান্সিকোস্থিত বিজ্ঞান যাদুঘৰত পদাৰ্থ বিজ্ঞানী লেৰী শ্ব’য়ে প্ৰথম পাই দিৱস কেক কাটি উদযাপন কৰিছিল। শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে পাইৰ ধাৰণাৰ আৰম্ভণি, পাই সংকেতৰ প্ৰথম ব্যৱহাৰ, পাই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে পাইৰ লগত সংগতি থকা গাণিতিক ক্ৰিয়াকলাপ ছাত্ৰ-ছাত্ৰীক হাতে-কামে কৰিবলৈ প্ৰশিক্ষণ দিয়ে। নাৰিকল গছৰ ব্যাস নিৰূপণ কৰা, বৃত্তৰ পৰিধি, খৰাহী, পাচি, কাহৰ বাটি, ফুটবল, গোলক আদিৰ ব্যাস, কালি আৰু আয়তনৰ লগত পাইৰ সম্পৰ্কজনিত ক্ৰিয়াকলাপসমূহ বিজ্ঞান শিক্ষক মামুদ আহমেদ, প্ৰীতি বৰুৱা আৰু কল্যাণ জ্যোতি গগৈয়ে শিশুসকলৰ মাজত পৰিচালনা কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close