
স্বাধীন ভাৰতৰ সৰ্ববৃহৎ ৰায়দান। বহুদিনীয়া আইনী পৰিক্ৰমাৰ অন্তত আজি নিৰ্ভয়া কাণ্ডৰ মূল অভিযুক্ত তথা চাৰি নৰপিশাচ ক্ৰমে মুকেশ সিং, পৱন গুপ্তা, বিনয় শৰ্মা, অক্ষয় কুমাৰ সিঙক একেলগে ওলমোৱা হল ফাঁচী কাঠত।
অৱশেষত ৭বছৰ ৩মাহ,৩দিনৰ অন্তত আজি ৰাতিপুৱা ৫:৩০ বজাত তিহাৰ জেলত চাৰি অভিযুক্তক ফাঁচী দিয়া হয়। মহামান্য আদালতৰ এই ঐতিহাসিক ৰায়দানৰ পিছতেই নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে এইদৰে কয় “এয়া দীৰ্ঘ সময় ধৰি চলিত ন্যায়ৰ যুঁজ। অৱশেষত মোৰ কন্যাই ন্যায় পালে।এই জয় দেশৰ প্ৰতিগৰাকী কন্যালৈ উচৰ্গা কৰিলোঁ”।উল্লেখযোগ্য যে, মহামান্য আদালতৰ এই ৰায়দানক সমগ্ৰ দেশবাসীয়ে ঐতিহাসিক ৰায়দান বুলি বিবেচিত কৰিছে।