অসমবিশেষশীৰ্ষ

অস্ত্র এৰি মূলসূতিলৈ ৬৪৪ বিদ্রোহী

বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল প্রেক্ষাগৃহত ৰাজ্যখনৰ আঠটা সংগঠনৰ ৬৪৪ জন বিদ্রোহীয়ে অস্ত্র ত্যাগ কৰি মূলসূতিলৈ উভতি আহে। বিদ্রোহী প্রত্যাৱর্তন উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী সােণােৱালে অসমক দেশৰ ভিতৰতে শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তুলিব লাগিব বুলি উল্লেখ কৰে। মূলসূতিলৈ উভতি আহি বিদ্রোহী সদস্যসকলে শান্তিপ্রিয় জনতাক উদ্বুদ্ধ কৰিছে বুলি উল্লেখ কৰি শান্তি প্রতিষ্ঠা হ’লে অসমৰ ছাত্ৰ-ছাত্রী তথা উঠি অহা প্রজন্ম আগবাঢ়ি যাব বুলি তেওঁ উল্লেখ কৰে। শান্তি অবিহনে প্রগতি অসম্ভৱ বুলি উল্লেখ কৰি বিশ্বত উন্নত দেশসমূহৰ উন্নয়নৰ অন্তৰালত শান্ত পৰিৱেশ আছিল বুলি তেওঁ উল্লেখ কৰে। আজি আলফা স্বাধীনৰ ৫০ এনডিএফবিৰ ৮ কমতাপুৰ লিবাৰেচন অর্গেনাইজেচনৰ ৬, ৰাভা নেচনেল লিবাৰেচন ফ্রণ্টৰ ১৩, চিপিআই মাও ইষ্টৰ ১, নেচনেল ছান্থাল লিবাৰেচন আর্মিৰ ৮৭, আদিবাসী ড্রেগন ফাইটাৰৰ ১৭৮ আৰু নেচনেল লিবাৰেচন ফ্রণ্ট অব বেংগলিৰ ৩০১জন সদস্যই অস্ত্র ত্যাগ কৰি মূল সূতিলৈ উভতি আহে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close