অসমবিশেষশীৰ্ষ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নৱম দ্বি-বাৰ্ষিক প্ৰতিনিধি সভা

ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক প্ৰতিনিধি সভাখন অলপতে অনুষ্ঠিত হয় । কমলজিত দত্তৰ সভাপতিত্বত হিমালয় বিবাহ ভৱনত অনুষ্ঠিত সভাখনত পুৰণা জিলা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় । এই নতুন সমিতিৰ কমল জিৎ দত্তক সভাপতি, দিগন্ত বৰুৱাক সাধাৰণ সম্পাদক, বিশ্বজিৎ দাস, নীহাৰ শইকীয়াক যুটীয়া সম্পাদক, দেৱব্ৰত মেধি, অমৰ জ্যোতি বৰুৱা, পিয়াংশু ডেকাক উপসভাপতি,বিষ্ণু হাজৰিকা,প্ৰদীপ বৰা, অনিমা দাস , অজয় তাতীক সাংগঠনিক সম্পাদক, অপূৰ্ব দাসক সাংস্কৃতিক সম্পাদক, মাইনু আহমেদ, গোপাল চাহু আৰু মানস বৰাক প্ৰচাৰ সম্পাদক, দিগন্ত মিত্ৰক বিত্ত সম্পাদক, জিতু শৰ্মা, মণ্টু বৰুৱা,প্ৰতাপ শৰ্মা, তৰুণ বৰুৱা,মলয় ৰঞ্জন মহন্ত, নাচিৰ আহমেদ, পুতুল দাস আৰু বিভা দাসক উপদেষ্টা হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয় । আজিৰ এই সভাত কেন্দ্ৰীয় সভাপতি ৰানাপ্ৰতাপ বৰুৱা, যুটীয়া সম্পাদক সৌৰভ দাস ,মণ্টু শৰ্মা, উপসভাপতি হেমচন্দ্ৰ গোস্বামী, দেৱজিত বৰা, জিতু শৰ্মা আৰু মণ্টু বৰুৱা উপস্থিত থাকে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close