অসমবিশেষশীৰ্ষ

অসম কবি সন্মিলনৰ সৰসী শাখা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন

কাব্যিক পৰিৱেশৰে জীপাল বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজ প্ৰাংগন

অসম কবি সন্মিলনৰ অন্তৰ্গত বিশ্বনাথ চাৰিআলিৰ সৰসী শাখাৰ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন হয় । ১৪ আৰু ১৫ তাৰিখে দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানৰ প্ৰথম দিনা সৰসী শাখাৰ সাধাৰণ সভা অনুষ্ঠিত হয় । সৰসী শাখাৰ সাধাৰণ সভাই পৰৱৰ্তী কাৰ্য্যকালৰ বাবে হীৰেণ বৰাক সভাপতি, অৰুণা বৰাক কাৰ্য্যকৰী সভাপতি, উপ সভাপতিৰূপে ভূধৰ দাস, সবিতা হাজৰিকা, মুখ্য সম্পাদক হিচাবে খগেন চন্দ্ৰ বৰা, সহঃ সম্পাদক মনি ভট্টাচাৰ্য্য, ৰুবী শইকীয়া, পত্ৰিকা সম্পাদক দীপান্বিতা গোস্বামী মহন্ত, কল্পনা ভূঞাঁ, বেদ উপাধ্যায়ক প্ৰচাৰ সম্পাদক, সাংগঠনিক সম্পাদক অজিৎ হাজৰিকা, ৰূপালী বৰুৱা, নয়নমনি বৰা, কাৰ্য্যালয় সম্পাদিকা পূবালী শইকীয়া পূৰবী বৰা আদি বিষয়ববীয়া নিৰ্বাচিত কৰি এখনি শক্তিশালী সমিতি গঠন কৰা হয় । সৰসী শাখাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ লগত ১৫ মাৰ্চত অনুষ্ঠিত হোৱা কাব্যিক অনুষ্ঠান আৰু ৰাজহুৱা সভাৰ আৰম্ভনিতে সভানেত্ৰী কণকলতা নেওঁগে পতাকা উত্তোলন কৰে আৰু বিশিষ্ট সমাজকৰ্মী হৰেণ ভাগৱতী মুখ্য তৰ্পক হিচাবে উপস্থিত থাকি শ্বহীদৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পন কৰে আৰু বিশিষ্ট সমাজসেৱক অতুল শৰ্মাই বন্তি প্ৰজ্বলন কৰে । বিশিষ্ট কবি, সমলোচক ধেমাজীৰ বিপুল শৰ্মাই মুলসভা আৰু কাব্যানুষ্ঠান উদ্ধোধন কৰে । বিশিষ্ট অতিথি দিলীপ কুমাৰ ভট্টাচাৰ্য্য আৰু নিৰ্দিষ্ট বক্তা গুৱাহাটীৰ বিপুল শৰ্মাই অনুষ্ঠানত অংশ গ্ৰহণ কবিতাৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়াই। কণকলতা নেওঁগে সভানেতৃত্ব কৰা অনুষ্ঠানত অতিথি কবি কাব্যশ্ৰী অনুপ তালুকদাৰ, নবীন বুঢ়াগোহাই, টেজেন হাজৰিকাই স্বৰচিত কবিতা পাঠ কৰাৰ স্থানীয় কেইবাগৰাকী কবিয়ে কবিতা পাঠ কৰে । এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত সৰসী শাখাৰ প্ৰকাশ কৰা কাব্য সংকলন “সৰসী” উন্মোচন কৰে প্ৰাক্তন অসামৰিক প্ৰশাসনিক বিষয়া হিতেশ্বৰ দাসে । সম্পাদক খগেন চন্দ্ৰ বৰা আৰু মাতু হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানত কমলাকান্ত চুবুৰী মহিলাসকলে হৰিনাম আৰু উত্তৰণ সমাজৰ শিশু শিল্পীসকলে কবিতা আবৃত্তি, যোগাসন কৰাৰ উপৰিও লয়স্ৰী মহন্তই বৰগীত, দিক্ষিতা চাণ্ডিল্য, হৰ্ষিতা চাণ্ডিল্য, ঋতিকা পৰাজুলী আৰু মন্দিৰা থাপাই নৃত্য পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close