অসমচিন্তাজগতবিশেষশীৰ্ষসৃজন

অসমীয়াৰ ন খােৱা উৎসৱ

আমাৰ পৰম্পৰাগত লােক সমাজত লােক উৎসৱসমূহৰ গুৰুত্ব অপৰিসীম। চহা সমাজত কৃষি কাৰ্যক কেন্দ্ৰ কৰিয়ে ঘাইকৈ লােক উৎসৱসমূহ পালন কৰাৰ পৰম্পৰা অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। কৃষি কাৰ্যৰ সমৃদ্ধি তথা উৰ্বৰতাৰ কামনাৰে বছৰটোৰ আৰম্ভণিৰ পৰা শেষলৈ ভিন্ন সময়ত বিভিন্ন লােক উৎসৱ পালন কৰা হয়। এই উৎসৱসমূহ পালনৰ তাৎপর্যও মনকৰিবলগীয়া। কিন্তু সকলােবােৰ লােক উৎসৱে পালনৰ আঁৰত থকা অন্যতম উদ্দেশ্যটো হৈছে সম্প্রীতি। লােক উৎসৱসমূহ পালনৰ মাজেদি এখন সমাজৰ লােকসকল মৰম-স্নেহ তথা ভাতৃত্ববােধেৰে বান্ধ খাই থাকে। সেয়ে সমাজত লােক উৎসৱসমূহ পালনৰ গুৰুত্বও অপৰিসীম ।অতীজৰে পৰা আমাৰ পৰম্পৰাগত অসমীয়া সমাজখনত কৃষি কাৰ্যক কেন্দ্ৰ কৰি বছৰৰ বিভিন্ন সময়ত সৰু-বৰ বিভিন্ন উৎসৱ পালন কৰা প্রথা প্রচলিত হৈ আহিছে। এই সকলােবােৰ উৎসৱৰ ভিতৰত এটা অন্যতম উৎসৱ হ’ল ন খােৱা উৎসৱ। অসমৰ প্ৰায় প্ৰতিটো জাতি জনগােষ্ঠীৰেন খােৱা উৎসৱ পালনৰ পৰম্পৰা আছে। আঘােণ মাহত পালন কৰা ন খােৱা উৎসৱ বর্তমান আধুনিকতাৰ ধামখুমীয়া তথা নিজৰ ঘৰত উৎপাদিত ফচলৰ অভাৱত প্রায় লুপ্তপ্রায় হৈছে। ন খােৱা মানে আঘােণ মাহত ন ধানৰ চাউলেৰে ঘৰতে উৎপাদিত বতৰৰ নতুন শাক-পাচলিৰে বিবিধ ব্যঞ্জন বনাই গা ৰাইজক মাতি ভােজ-ভাত খুৱাই ঘৰতন ধানৰ চাউল ৰন্ধনৰ বাবে আশীর্বাদ বিচৰা। যাতে বছৰে বছৰে কৃষি কার্যত সমৃদ্ধি লাভ কৰিব পাৰে। আজিৰ পৰা বেছ কিছু বছৰ আগলৈ ন খােৱা ভােজনপতাকৈ গৃহস্থই ন ধানৰ চাউল ব্যৱহাৰ নকৰিছিল। যিবােৰ লােকে সম্মলেৰে পাৰিছিল, সেইবােৰ লােকে অতি ধুমধামেৰে ন খােৱা’ ভােজৰ আয়ােজন কৰিছিল। আৰু যিবােৰ লােকৰ সম্বল নাছিল, সেইবােৰ লােকে ন ধানৰ চাউলেৰে ৰাই এখন আগবঢ়াই ভগৱানৰ ওচৰত প্ৰথমে সমর্পণ কৰি সেই চাউল ব্যৱহাৰ কৰিছিল। যিহেতু সকলােবােৰ লােক উৎসৱ কৃষিকাৰ্যৰ সৈতে জড়িত, সেয়ে এই উৎসৱ সমূহৰ মূল লক্ষ্য হ’ল ইষ্ট দেৱতাক ভক্তিভাৱেৰে স্মৰণৰ যােগেদি সন্তুষ্টকৰা। যিহেতু অতীজত কৃষি কাৰ্যৰ বাবে সম্পূর্ণরূপে প্রকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। সেয়ে চহা লােকে, পূজা সেৱাৰ যােগেদি প্রকৃতিক সন্তুষ্ট কৰি ৰাখিব বিচাৰিছিল। লােকসমাজত বছৰৰ আৰম্ভণিতে চহা লােকসকলে ঈশ্বৰক আৰাধনা কৰি কৃষিকৰ্মত নামে আৰু ঠিক তেনেকৈ আঘােণ মাহত ভক্তি ভাৱেৰে পথাৰৰ সােণােৱালী ধান লখিমী স্বৰূপে নিজৰ ঘৰলৈ চপাই আনে। চোতালৰ সােণালী ধানে কৃষি কার্যত হােৱা সকলােবােৰ দুখ-কষ্ট পাহৰাই কৃষকৰ মন প্রফুল্লিত কৰি তােলে। আৰু সেয়ে ঈশ্বৰৰ ওচৰত কৃতজ্ঞতাৰ চিন স্বৰূপে, তথা কৃষকে ভাগৰ জুৰণিৰ বাবে সম্প্রীতিৰ দ্বাৰা মনক আনন্দ প্রদানৰ মানসেৰে হয়তাে অতীজত ধুমধামেৰে ন খােৱা উৎসৱৰ আয়ােজন কৰিছিল। | যদিও বর্তমান সমাজত প্ৰায় লুপ্তপ্রায়, তথাপি কোনােবাখন ঘৰত এতিয়াও অনুষ্টুপীয়াকৈ হ’লেও ‘ন খােৱা উৎসৱৰ আয়ােজন কৰে। তাৰ মাজতে চহৰত ন খােৱা উৎসৱত বাণিজ্যিকীকৰণাে কৰা দেখা গৈছে। কিন্তু তাত নাই গাঁৱৰ নিভাঁজ ন খােৱা উৎসৱৰ আমেজ। ন খােৱা উৎসৱ বুলিলে এতিয়াও নষ্টালজিক হৈ পৰে। আমাৰ সৰু কালত, আঘােণ মাহত চোতালৰ পকা ধানবােৰ ভঁৰালত থানথিত লগাই, ঘৰ-দুৱাৰ চাফ-চিকুণ কৰি উঠিয়ে চুবুৰীৰ ঘৰে ঘৰে ন খােৱা উৎসৱৰ আয়ােজন চলিছিল। ফৰকাল বতৰে মনলৈ উছাহৰ ঢল নমাইছিল। প্রত্যেকঘৰ মানুহেন খােৱা’ ভােজৰ বাবে ওচৰৰ বিল বা পথাৰৰ মাজৰ খালৰ পৰা থলুৱা কাৱৈ, মাগুৰ, শল মাছ সংগ্রহ কৰিছিল। নিজৰ বাৰীত উৎপাদন হােৱা বতৰৰ নতুন শাক-পাচলিৰে সৈতে ৰন্ধামাছৰ বিবিধ ব্যঞ্জন তৈয়াৰ কৰিছিল। ঘৰতে উৎপাদিত মাটি মাহৰ সৈতে বাৰীৰ গছ আলু মিহলাই ৰন্ধা দাইলখনে এতিয়াৰ নাম জনা নজনা বিবিধ বিদেশী ব্যঞ্জনৰ জুতিকো চেৰ পেলাই হাজাৰ গুণ আগলৈ যাব। আমাৰ জিভায়াে ন খােৱা ভােজৰ জুতি আজিও পাহৰা নাই। যিহেতু বেছ কিছু বছৰ আগলৈ আমাৰ সমাজত বহিৰাগত উৎসৱবােৰৰ প্রয়ােভৰ ঘটা নাছিল, সেয়ে লােক উৎসৱবােৰে লৰা-ছােৱালীবােৰৰ মনতাে বেছ আনন্দ দিছিল।বর্তমান আধুনিকতাৰ ধামখুমীয়াত বহুবােৰ লােক উৎসৱৰ বিলুপ্তি ঘটিছে। আজিৰ প্ৰজন্মই ন খােৱা উৎসৱৰ কথা নাজানে। কিন্তু তেওঁলােকক এই উৎসৱসমূহৰ বিষয়ে পৰিচিত কৰি দিয়াটো আমাৰে কর্তব্য। কাৰণ এই লােক উৎসৱসমূহে সমাজ একোখন ভাঙোন মুখীতাৰ পৰা ৰক্ষা কৰি ভাতৃত্ববােধেৰে বান্ধ খুৱাই ৰাখে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close