অসমআন্ত-ৰাষ্ট্ৰীয়বিশেষশীৰ্ষ

অসমত এক কোটি হেণ্ড ছেনিটাইজাৰৰ যোগানৰ প্ৰস্তুতি

কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত অসমত মঙলবাৰৰ ৬ বজাৰ পৰা লকডাউন ঘোষণা কৰা হৈছে। এই সময়ছোৱাত যাতে হেণ্ড ছেনিটাইজাৰৰ কোনো ধৰণৰ নাটনি হ’ব নোৱাৰে তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বজাৰত একাংশ অসাধু ব্যৱসায়ীয়ে পৰ্যাপ্ত পৰিমাণে হেণ্ড ছেনিটাইজাৰ উপলব্ধ নোহোৱাৰ সুযোগ লৈ চ’ৰা দামত বিক্ৰী কৰা বিষয়টোও দৃষ্টিগোচৰ হৈছে আবকাৰী বিভাগৰ। লকডাউনৰ সময়ছোৱাত যাতে এনে পৰিস্থিতিৰ উদ্ভৱ হ’ব নোৱাৰে আৰু হেণ্ড ছেনিটাইজাৰ ৰাজ্যৰ সকলো ঠাইতে চৰকাৰীভাৱে নিৰ্ধাৰণ কৰি দিয়া প্ৰকৃত মূল্যতহে বিক্ৰী হয় তাৰ বাবেও বিভাগৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই অনুযায়ী স্বাস্থ্য বিভাগৰে আলোচনাৰ জৰিয়তে আবকাৰী বিভাগে ৰাজ্যখনৰ ৫ টাকৈ কোম্পানীক বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া গাইডলাইন মতে হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰিবলৈ অনুমতি প্ৰদান কৰা বুলি জনাইছে বিভাগটোৰ মাননীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰোতে ‘ড্ৰাগছ এণ্ড কছমেটিকছ এক্ট, ১৯৪০’ৰ বিধিসমূহ মানি চলিবলৈ কোৱা হৈছে। ব্ৰহ্মপুত্ৰ, বৰাক ভেলী আৰু পাৰ্বত্য জিলা সমূহত বিতৰণ আৰু যোগানৰ সুবিধা হোৱাকৈ অনুমতি প্ৰদান কৰা এই কোম্পানীকেইটা হৈছেঃ

১। চেনিটেনাৰী ডিষ্টিলাৰিছ এণ্ড বটলিং প্লাণ্ট, বৰাগাঁও, গুৱাহাটী

২। এছ’চিয়েটড এলকহ’ল এণ্ড বিভাৰেজ কোম্পানী, গড়মূৰ, যোৰহাট

৩। সুৰ্মা ডিষ্টিলাৰি প্ৰাইভেট

লিমিটেড, শিলচৰ, কাছাৰ

৪। ব্ৰহ্মপুত্ৰ বায়’কেম প্ৰাইভেট লিমিটেড, ছয়গাঁও, কামৰূপ

৫। ৰেডিয়েণ্ট এমএফজি প্ৰাইভেট লিমিটেড, খটখটি, কাৰ্বি আংলং

 

এই নিৰ্দেশৰ জৰিয়তে সমগ্ৰ অসমত ২০০ মিলিলিটাৰৰ ১ কোটি বটল যোগানৰ বাবে প্ৰস্তুতৰ নিৰ্দেশ দিছে বুলিও জনাইছে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। আনহাতে, এই সংকটৰ সময়ত ৰাজ্যবাসীৰ সমস্যা সমাধানৰ বাবে অসম চৰকাৰৰ আবকাৰী বিভাগেও সকলো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ সম্পূৰ্ণৰূপে সষ্টম হৈ আছে বুলিও সদৰী কৰিছে মন্ত্ৰীগৰাকীয়ে।

 

✍শ্ৰী শৈলেন্দ্ৰ পাণ্ডে, জনসম্পৰ্কৰক্ষী বিষয়া, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, অসম চৰকাৰ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close